তলাবন্ধৰ বিৰূপ প্ৰভাৱ : আৰ্থিক চাপ-পৰস্পৰৰ প্ৰতি অবিশ্বাসৰ বাতাবৰণেই মূল কাৰণ

woman hand sign stop abusing violence human rights day concept 53476 172

তলাবন্ধৰ সময়ছোৱাত ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাইছে গাৰ্হস্থ্য হিংসা। পৰিস্থিতিগত কাৰণত অভিযোগৰ বিপৰীতে গোচৰ পঞ্জীয়ন নহ’লেও প্ৰতিদিনে বৃদ্ধি পাইছে ভুক্তভোগীয়ে দাখিল কৰা অভিযোগৰ সংখ্যা। টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্সৰ সহযোগত ৰাষ্ট্ৰীয় মহিলা আয়োগে মহানগৰীৰ পানবজাৰ আৰক্ষী থানাত মহিলাৰ সহায়ৰ বাবে স্থাপন কৰা বিশেষ কোষৰ সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে, পূৰ্বৰ তুলনাত তলাবন্ধৰ সময়ছোৱাত ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে গাৰ্হস্হ্য হিংসা। ভুক্তভোগী মহিলাসকলে এজ সময়ছোৱাত কেৱল ফোনেৰে দাখিল কৰিছে অভিযোগ। ফলত প্ৰতিটো অভিযোগৰ বিপৰীতে এতিয়ালৈকে পঞ্জীয়ন কৰা হোৱা নাই। অৱশ্যে এই সময়ছোৱাত প্ৰতিদিনে বৃদ্ধি পাইছে অভিযোগৰ সংখ্যা।

গুৱাহাটী মহানগৰীৰ উপৰি শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ, দৰং, বৰপেটাকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এনে অভিযোগ আহিছে বুলি সূত্ৰটোৱে জনায়। প্ৰত্যেকৰে অভিযোগ পৃথক পৃথক যদিও অধিকাংশৰে মাজত সৃষ্টি হৈছে অবিশ্বাসৰ বাতাবৰণ। ঘণ্টাৰ পিছত ঘণ্টা ধৰি ঘৰতে আবদ্ধ থকাৰ ফলত ইজনে সিজনৰ ওচৰত পূৰ্বে লুকুওৱাকথা এই সময়ছোৱাত পোহৰলৈ আহিছে। ইয়াকে লৈ সৃষ্টি হোৱা সন্দেহৰ পৰিপ্ৰেক্ষিততে স্বামী স্ত্ৰীৰ মাজত গা কৰি উঠিছে অবিশ্বাসৰ বাতাবৰণ আৰু এটা সময়ত একাংশ লোকে নিয়ন্ত্ৰণহীন হৈ হিংস্ৰ ৰূপ ধাৰণ কৰা বুলিও সূত্ৰটোৱে জনায়। তদুপৰি আৰ্থিক সংকটৰ সন্মুখীন হৈও শেহতীয়াকৈ বহুলোকে খিংখিঙীয়া হৈ পৰিছে। ফলত সামান্য অজুহাততে ল’ৰা ছোৱালীৰ সন্মুখতে পত্নীক শাৰীৰিক তথা মানসিক অত্যাচাৰ চলোৱা সম্পৰ্কতো ভালেসংখ্যক অভিযোগ লাভ কৰিছে সূত্ৰটোৱে।

অৱশ্যে এই ধৰণৰ অভিযোগ পালেও তলাবন্ধৰ বাবে অভিযোগকাৰী সকলে সোঁ শৰীৰে বিশেষ কোষত হাজিৰ হ’ব পৰা নাই নাই ভুক্তভোগীসকল। ইয়াৰ পৰিপ্ৰেক্ষিতত গোচৰসমূহ অধিকাংশই পঞ্জীয়ন কৰা হোৱা নাই। গোচৰ পঞ্জীয়ন নহ’লেও ইতিপূৰ্বে অভিযোগ দাখিল কৰা ভুক্তভোগীসকলৰে মহিলা আয়োগৰ বিশেষ কোষে এই সময়ছোৱাত সঘন যোগাযোগ অব্যাহত ৰখা বুলি সূত্ৰটোৱে জনায়। নগণ্য সংখ্যক ভুক্তভোগীয়েহে অভিযোগ দাখিলৰ পাছত দ্বিতীয়বাৰৰ বাবে গাৰ্হস্হ্য হিংসাৰ বলি হোৱা নাই। অৱশ্যে ভুক্তভোগীসকলৰ অধিকাংশই শিক্ষিত আৰু মধ্যবিত্ত পৰিয়ালৰ বুলি সূত্ৰটোৱে কয়।

Exit mobile version