ৰেঙনি চেনেলৰ ‘বেগমজান’ চিৰিয়েল খনক লৈ প্ৰতিক্ৰিয়া

begum jaan

চিৰিয়েলখনৰ প্ৰযোজক-পৰিচালকৰ বিৰুদ্ধে আৰক্ষীত গোচৰ

অসমৰ মনোৰঞ্জন ধৰ্মী চেনেল ৰেঙনিত প্ৰচাৰিত ‘বেগমজান’ নামৰ নামৰ চিৰিয়েল খনক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিশেষকৈ হিন্দু ধৰ্মৰ উপাশ্য দেৱতা গনেশক অপমান কৰা বুলি চিৰিয়েলখন বন্ধ কৰাৰ দাবী জনাইছে বিভিন্ন মহলে । তাৰোপৰি এগৰাকী ব্ৰাহ্মিণ ছোৱালীক মুছলমানলৈ বিয়া দিয়াৰ দৃশ্যই সমগ্র ব্ৰাহ্মিণ সমাজক অপমান কৰা বুলি সদৌ অসম ব্ৰাহ্মণ যুৱ পৰিষদে অভিযোগ কৰিছে । এই সম্পৰ্কে যুৱ পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতি দিপজ্যোতি শৰ্মা আৰু সম্পাদক বিতোপন শৰ্মা আৰু সহকাৰী সম্পাদক ধিমান জোতি কৌশিকে সনাতন হিন্দু ধৰ্মৰ আৱেগ অনুভূতিত আঘাত হানিছে বুলি মন্তব্য কৰিছে ।

চিৰিয়েল খনৰ বিভিন্ন দৃশ্যৰ আলম লৈ ধাৰাবাহিকখনে সাম্প্ৰদায়িক বিষবাস্প বিয়পাইছে বুলি অভিযোগ কৰিছে। শেহতীয়াভাৱে ৰাজ্যখনত দেখা দিয়া লাভ জেহাদৰ পৰিণতিত বহু প্ৰতিভাধৰ যুৱতী, মহিলাৰ জীৱন ধবংস হোৱাৰ সময়তে এই চিৰিয়েলখনে লাভ জেহাদক উদগনি যোগোৱা বুলি অভিযোগ কৰিছে । অসম ব্ৰাহ্মণ যুৱ পৰিষদে ‘বেগমজান’ নামৰ চিৰিয়েল খন শীঘ্ৰে বন্ধ কৰি প্ৰযোজক পৰিচালকক ক্ষমা খুজিবলৈ দাবী জনাইছে । আনহাতে দৰং জিলা বজৰং দলে বেগমজান নামৰ চিৰিয়েল খনৰ বিৰুদ্ধে আৰু প্ৰযোজক পৰিচালকৰ বিৰুদ্ধে ছিপাঝাৰ থানাত আজি গোচৰ তৰিছে । অসম ব্ৰাহ্মণ যুৱ পৰিষদে বেগমজান নামৰ চিৰিয়েলখন শীঘ্ৰে বন্ধ কৰি প্ৰযোজক পৰিচালকক ক্ষমা খুজিবলৈ দাবী জনাইছে।

Exit mobile version