ৰাজ্যত পুনৰ ৮১৪ জনৰ দেহত ধৰা পৰিছে ক’ভিড১৯ ৰ উপস্থিতি ৷ ইয়াৰে ৫৮৮ জন মহানগৰীৰ ।সম্প্ৰতি ১৩,৩৩৬ জনলৈ বৃদ্ধি পালে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ।কৰ’নাত মৃত্যু হৈছে ২১ জনৰ ৷
ৰাজ্যৰ সমান্তৰালভাৱে মহানগৰীতো সম্প্ৰতি কৰ’না ভাইৰাছৰ ভয়াৱহতাই দেখা দিছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত তিনিচুকীয়া,নগাঁও,মৰিগাঁও,যোৰহাটকে ধৰি কে’বাখনো জিলাই গুৱাহাটীৰ পৰা কোনো লোক যোৱাটো বন্ধ কৰিছে ৷
বিস্তাৰবাদী নীতিয়ে যে ধ্বংস মাতে সেই উদাহৰণ দিবলৈ এইবাৰ উত্তৰাখণ্ডৰ পৰ্যটন মন্ত্ৰী সতপাল মহাৰাজে চীনৰ ৰাষ্ট্ৰপতি ঝি ঝিনপিঙলৈ প্ৰেৰণ কৰিছে ৰামায়ণ। জানিব পৰা মতে সতপাল মহাৰাজে চীনৰ ৰাষ্ট্ৰপতিলৈ কেনেদৰে ৰামায়ণত ৰাৱনে নিজৰ পতন নিজে মাতি আনিছিল সেই বিষয়েও বিশেষভাৱে উল্লেখ কৰিছে ৷
পুনৰ কৰ’নাত আক্ৰান্ত হৈ পাঁচজন লোকৰ মৃত্যু হৈছে ।এই কথা প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।মৃত লোককেইজন হৈছে ছাফিকুল ৰহমান,ৰমনী মজুমদাৰ,উৎপল কুমাৰ চলিহা, হৰিপ্ৰসাদ মণ্ডল আৰু জীতেন্দ্ৰ প্ৰসাদ । ইয়াৰ লগে লগে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা 21 জনলৈ বৃদ্ধি পালে ৷
মহানগৰীত প্ৰতিদিনে বাঢ়িছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷সেয়েহে মেঘালয়ৰ পৰা অহা বাহন অসমত প্ৰবেশৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে মহানগৰ প্ৰশাসনে ৷
বতাহৰ পৰাও বিয়পিব পাৰে কৰ’না ভাইৰাছ ৷এই কথা স্বীকাৰ কৰি বিশ্ব স্বাস্থ্য সংস্থাই। বিগত দিনত বিশ্বৰ ৩২ খন দেশৰ ২৩৯ গৰাকী বিজ্ঞানীয়ে কৰা এই দাবীক স্বীকাৰ কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই ।