পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। নিশা খেৰণিৰ বন কাৰ্যালয়ৰ অধীনৰ চেং-বং গাঁওত বনৰীয়া হাতীৰ এটা বৃহৎ জাকে প্ৰৱেশ কৰি প্ৰকাশ ৰংপি নামৰ কৃষক জনৰ পথাৰত ৰোপণ কৰিবলৈ সাজু কৰি ৰখা ধানৰ কঠীয়া গচকী বিনষ্ট কৰাৰ লগতে খায় তহিলং কৰে বনৰীয়া হাতীয়ে। উল্লেখযোগ্য যে প্ৰায় চল্লিছ বিঘা কৃষি ভূমিত কঠীয়া ৰুবলৈ কঠীয়াতলীৰ পৰা কঠীয়া উঠাই সাজু কৰিছিল কৃষকজনে। কিন্তু ৰুবলৈ সাজু কৰা কঠীয়া এইদৰে নিশা বন্যহস্তীৰ জাকে গচকি বিনষ্ট কৰি তহিলং কৰাত এতিয়া কৃষকজনৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।
ইফালে প্ৰিলো গাঁৱতো চাৰিটাকৈ কৃষক পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে সেই একেটা বনৰীয়া হাতীৰ জাকে। নিশা কাট ডেৰা, প্ৰয়াত বিনোদ টেৰণৰ পৰিয়ালৰ, চৰ্দাৰ ইংতি আৰু বাবু ডেৰা নামৰ কৃষক পৰিয়াল কেইটাৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে খাদ্য সামগ্ৰী, ধান আদি খায় তহিলং কৰে। আনকি ঘৰৰ বয়বস্তু আদিও গচকি-ভাঙি নষ্ট কৰে বনৰীয়া হাতীয়ে।