কৰ’নাত আক্ৰান্ত হৈ সুস্থ হোৱা ৰোগীসকলৰ প্ৰতি শচীন তেণ্ডুলকাৰৰ এক বিশেষ আহ্বান

5d2daa0f2400009d17935a2d

কৰ’না ভাইৰাছৰ পৰা সুস্থ হৈ উঠাসকলক প্লাজমা দান কৰিবলৈ আহ্বান জনালে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে ৷ মুম্বাইৰ আন্ধেৰীস্থিত ছেভেন হিলছ চিকিৎসালয়ত কৰ’নাত আক্ৰান্তৰ শুশ্ৰুষা কৰিবলৈ এক প্লাজমা থেৰাপি ইউনিট মুকলি কৰি এই আহ্বান কৰে তেণ্ডুলকাৰে । উল্লেখযোগ্য যে মহামাৰীৰ আক্ৰমণৰ পৰা সুস্থ হৈ উঠা লোকসকলে প্লাজমা থেৰাপিৰ জৰিয়তে আক্ৰান্তসকলক সুস্থ কৰাব পাৰে ৷

Exit mobile version