ফ্ৰেব্ৰুৱাৰীত দৈনিক তিনি লাখকৈ কৰ’নাৰ হ’ব সংক্ৰমণঃ দাবী এম আই টিৰ গৱেষকৰ

3coronavirus 82

ক’ভিড-১৯ৰ প্ৰতিষেধক আৱিস্কাৰ নহ’লে আগন্তুক ফ্ৰেব্ৰুৱাৰীত ভাৰতত প্ৰতিদিনে তিনি লাখকৈ লোক কৰ’নাত আক্ৰান্ত হ’ব ৷ সাম্প্ৰতিক পৰিস্থিতিৰ সালসলনি নহ’লে বিশ্বত কৰ’না আক্ৰান্ত দেশৰ তালিকাত শীৰ্ষত উপনীত হ’ব ভাৰত ৷ আনকি আমেৰিকা আৰু ব্ৰাজিলকো চেৰ পেলাব ভাৰতে ৷ ছেপ্তেম্বৰৰ পৰা নবেম্বৰৰ মাজত পৰিস্থিতি সৰ্বাধিক ভয়াৱহ হ’ব। কৰ’না সন্দৰ্ভত ভাৰতৰ বাবে এনে উদ্বেগবাণী শুনালে এম আই টিয়ে ।

৮৪ খন দেশত ৬০ শতাংশৰ ওপৰত কৰা সমীক্ষাই ভাৰতৰ প্ৰতি উদ্বেগজনক পূৰ্বাভাস দিছে এম আই টি স্লোৱান স্কুল অৱ মেনেজমেণ্টে । গৱেষকসকলৰ দাবী অনুসৰি ফলদায়ক প্ৰতিষেধক আৱিস্কাৰ নহ’লে আগন্তুক বৰ্ষৰ ফেব্ৰুৱাৰীত ভাৰতত কৰ’নাত আক্ৰান্ত হ’ব দৈনিক দুই লাখ ৮৭ হেজাৰ মানুহ । অহা মাৰ্চৰ পৰা মে’ৰ ভিতৰত সমগ্ৰ বিশ্বত কৰ’না আক্ৰান্তৰ সংখ্যা হ’ব ২০ ৰ পৰা ৬০ কোটি ৷

Exit mobile version