বিষ্ণু দৈৱী মন্দিৰ দৰ্শনৰ বাবে কৰিব লাগিব অনলাইন পঞ্জীয়ন

vaishno devi darshan1

‘জয় মাতা দি’ ধ্বনিৰে সদায় মুখৰিত হৈ অহা কটৰাৰ বাটপথ তলাবন্ধৰ ফলত জনশূন্য হৈ আছে । বিগত১৮ মাৰ্চৰ পৰা এই অঞ্চলত তলাবন্ধ বাহাল আছে। শেহতীয়াভাৱে বিষ্ণুদৈৱী মন্দিৰ কৰ্তৃপক্ষই পৰিস্থিতি স্বাভাৱিক হ’লে ভক্তসকলক পুনৰ মন্দিৰ দৰ্শনৰ সুবিধা আগবঢ়াবলৈ কিছু নতুন নীতি-নিয়ম গ্ৰহণ কৰিছে। সেই অনুসৰি প্ৰতিদিনে পাঁচৰ পৰা সাত হেজাৰ লোকে বিষ্ণু দৈৱী মন্দিৰ দৰ্শন কৰিব পাৰিব। মন্দিৰ দৰ্শনৰ বাবে তীৰ্থযাত্ৰীসকলে কটৰালৈ অহাৰ পূৰ্বে অনলাইনৰ জৰিয়তে পঞ্জীয়ন কৰাব লাগিব। তলাবন্ধৰ পাছৰে পৰা বিষ্ণু দৈৱী মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ ৰখা হৈছে। মন্দিৰৰ দুৱাৰ অচিৰেই মুকলি কৰাৰ সম্ভাৱনা আছে আৰু দৰ্শনাৰ্থীৰ সংখ্যা সীমিত কৰাৰ উদ্দেশ্যেৰেই মন্দিৰ কৰ্তৃপক্ষই তীৰ্থযাত্ৰীৰ অনলাইন পঞ্জীয়নৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

Exit mobile version