ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীৰ বিট্টেইনৰ ইণ্ডিয়া গ্ল’বেল উইক-২০২০ উদ্বোধন

maxresdefault 1

আজিৰে পৰা বিট্টেইনত তিনিদিনীয়াকৈ আৰম্ভ হৈছে “ইণ্ডিয়া গ্ল’বেল উইক ২০২০” ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠানটো ভিডিঅ’ৰ জৰিয়তে উদ্ধোধন কৰে ৷ এই সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ইতিহাসে কয় যে ভাৰতে প্ৰত্যেক বাৰতে জয় লাভ কৰি আহিছে ৷ আমি এফালে কৰ’নাৰ লগত যুঁজি অহাৰ বিপৰীতে আনফালে দেশৰ অৰ্থনৈতিক অৱস্থাটো টনকিয়াল হৈছে ৷ ইয়াৰ লগতে মোদীয়ে ভাৰতৰ বিভিন্ন দিশৰ সম্পৰ্কত উল্লেখ কৰে ৷

মোদীয়ে কয় “ভাৰত প্ৰতিভাৰ কেন্দ্ৰবিন্দু ৷ ভাৰতে বিশ্বৰ বিকাশত বহুত অৰিহনা যোগাইছে। আমাৰ দেশ আগবাঢ়ি যাব বিচাৰে ৷ সামাজিকেই হওক বা অৰ্থনৈতিকেই হওক ভাৰতে প্ৰত্যেকটো প্ৰত্যাহ্বান সাহসেৰে সন্মুখীন হৈছে ৷ আজি আমি কৰ’নাৰ বিৰুদ্ধে সাহসেৰে সন্মুখীন হৈছো । কিন্তু আমি বিচাৰো যে বিকাশ আৰু পৰিবেশৰ ৰক্ষা একেলগে হওক । প্ৰধানমন্ত্ৰী মোদীয়ে কয় “ভাৰতত পৃথিৱীক মাতৃৰ লগত তুলনা কৰা হয় ” ৷ আৰু আমি তেওঁৰ সন্তান ৷ আমি “ইজ অফ ডুইং” ব্যৱসায়ত কাম কৰি আছো ৷ মহামাৰীৰ সময়ত আমি দেশৰ জনতাক বিভিন্ন সুবিধা প্ৰদান কৰিছো ।

লগতে মোদীয়ে আন্তঃৰাষ্ট্ৰীয় বিভিন্ন সংস্থাক আহ্বান কৰে যে তেওঁলোকে ভাৰতলৈ আহি বিভিন্ন ক্ষেত্ৰত সহযোগ কৰক । কাৰণ আমাৰ দেশত প্ৰতিভাৰ ভাণ্ডাৰ আছে ৷আৰু প্ৰযুক্তি বিদ্যাতো ভাৰত বহু শক্তিশালী হৈ আছে ৷ উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদী অংশ লোৱা “ইণ্ডিয়া গ্ল’বেল উইক ২০২০”ত বিট্টিছ ৰয়েল ফেমেলিৰ প্ৰিন্স চাৰ্লছেও সহযোগ কৰিব ৷ ইয়াৰ উপৰিও বৈদেশিক মন্ত্ৰী ড’মিনিক ৰ’ব, গৃহমন্ত্ৰী প্ৰীতি পেটেল, স্বাস্থ্যমন্ত্ৰী মেট হেনকাৰ্কেও অংশ ল’ব ।

Exit mobile version