শুভ্ৰ আল্পছত গোলাপী আভা: সৌন্দৰ্যৰ আঁৰত আছে বিপদ

pink italy ice resize md

ইটালীৰ আল্পছ পৰ্বতমালাৰ শুভ্ৰ বৰফত গোলাপী ৰঙৰ আভা । এনে ৰঙৰ খেল দেখি আত্মবিভোৰ হৈ পৰিছে পৰ্যটকসকল । আল্পছবাসীৰ বাবে এই দৃশ্য নতুন বুলিব পাৰিব । কিন্ত এই সৌন্দৰ্যৰ আৰঁতেই লুকাই আছে বিপদ । পৰিৱেশ বিজ্ঞানীসকলে জনোৱা অনুসৰি, আল্পছৰ হিমবাহত শেহতীয়াকৈ এক ধৰণৰ শেলুৱৈৰ বংশ বিস্তাৰ হ’বলৈ ধৰিছে । এনে শেলুৱৈয়ে সূৰ্যৰ ৰশ্মি শোষণ কৰি উত্তপ্ত হৈ পৰে । ফলত বৰফ গলিবলৈ আৰম্ভ কৰে । এই শেলুৱৈৰ বংশ বিস্তাৰ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱেই শুভ্ৰ বৰফৰ ওপৰত গোলাপী ৰঙৰ খেল আৰম্ভ হৈছে ।

বিজ্ঞানীসকলে জনোৱা অনুসৰি, গ্ৰীণলেণ্ডত দীর্ঘদিন ধৰি বৰফৰ ফাঁকে ফাঁকে এনে শেলুৱৈৰ বংশ বিস্তাৰ হৈ গৈ আছে । ইটালীৰ নেছনেল ৰিচাৰ্ছ কাউন্সিলৰ পৰা জনোৱা অনুসৰি এনে শেলুৱৈয়ে বিপদৰ ইংগিত বহন কৰিছে । এনে শেলুৱৈয়ে কিমান ডাঙৰ বিপদ কঢ়িয়াই আনিব পাৰে ইয়াৰ উদাহৰণ হিচাপে আছে গ্ৰীণলেণ্ড । অৱশ্যে ছুইজাৰলেণ্ডৰ উদ্ভিদ বিজ্ঞানী ডি ম’ৰোৱে এনে শেলুৱৈক বিপজ্জনক হিচাপে মানি ল’ব বিচৰা নাই । বিজ্ঞানী জনে দাবী কৰা অনুসৰি প্ৰতি বছৰে বসন্তৰ সময়ত হিমবাহত এনে ধৰণৰ শেলুৱৈ গজে আৰু নিৰ্দিষ্ট সময়ত মৰিও যায় । বিজ্ঞানী সকলৰ এনে বিতৰ্কৰ পাছত আল্পছৰ ৰং দেখি প্ৰাথমিক ভাৱে উল্লাসিত হ’লেও এনে উল্লাস প্ৰায় স্তিমিত হৈ পৰিছে সচেতন পৰ্যটকসকলৰ মাজত ।

Exit mobile version