এইবাৰ ভাৰতীয় সেনাত নিষিদ্ধ হ’ল ফেচবুক সহ ৮৯ টা এপ

mobile phone apps 0 022434

ভাৰতীয় সেনা বাহিনীয়ে কৰ্মৰত সকলো সেনাকে ম’বাইল ফোনৰ পৰা ৮৯ টা এপ মচি পেলাবলৈ নিৰ্দেশনা জাৰি কৰিছে । উল্লেখ্য যে কিছুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰে দেশত ৫৯ টা চীনা ম’বাইল এপ নিষিদ্ধ কৰিছিল । এইবাৰ ভাৰতীয় সেনাই মুঠ ৮৯ টা এপ নিষিদ্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিলে । অহা ১৫ জুলাইৰ ভিতৰত ভাৰতীয় সেনাই কৰ্মৰত প্ৰতিজন ব্যক্তিয়ে ম’বাইল ফোনৰ পৰা মুঠ ৮৯ টা এপ ‘ডিলিট’ কৰিব লাগিব। ভাৰতীয় সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে, মূলতঃ নিৰাপত্তাজনিত কাৰণত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কোনো সেনাই এই নিৰ্দেশনা মানি নচলিলে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সেনাৰ সূত্ৰত প্ৰকাশ।

সেনাবাহিনীয়ে নিষিদ্ধ কৰা এপৰ তালিকাত ফে’চবুক, ইনষ্টাগ্ৰাম, স্নেপচাট, উইছেট, , হাইক, টিকটক, ট্ৰকুলৰ, পাবজী, লাইকী, টিণ্ডাৰ, হেল’, নিমবাজ, জেণ্ডাৰ, নিউজডগ, ডেইলিহাণ্ট, ৰেডিট আদিও আছে। সেনাৰ সূত্ৰই জনোৱা মতে, বিভিন্ন এপৰ জৰিয়তে দুষ্ট চক্ৰই হনীট্ৰেপিঙৰ জাল পাতি সেনাৰ জোৱানক ব্লেকমেইলিং কৰাৰ বিভিন্ন অভিযোগ উত্থাপিত হৈ আহিছে আৰু এনে দুষ্ট চক্ৰৰ পৰা ভাৰতীয় সেনাক মুক্ত ৰাখিবলৈ ৮৯ টা এপৰ ব্যৱহাৰ সেনাবাহিনীত নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

Exit mobile version