দলং বনাই নহয়, টকা বিলাই সমস্যা সমাধান কৰে ৰাজ্যৰ এজন বিধায়কে

WhatsApp Image 2020 07 10 at 8.08.28 PM

১২৬ নম্বৰ শদিয়া বিধান সভা সমষ্টিৰ কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত হাঁহখাটি উষাপুৰ গাওঁৰ ৰাইজে এখন দলং নিৰ্মাণ কৰি নিদিয়াত স্থানীয় বিধায়ক বলিন চেতিয়াৰ বিৰুদ্ধে শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ মাইঠং পঞ্চায়তৰ অন্তগত উষাপুৰ বাসী ৰাইজৰ দীৰ্ঘদিনীয়া দাবী তথা হাঁহখাটি-নেপালি গাঁও হৈ ধলালৈ যোৱা সংযোগী পথৰ উষাপুৰত ধলা নৈৰ ওপৰত এখন দলং নিৰ্মাণ কৰাৰ দাবী উথাপন কৰি আহিছে যদিও বিগত ২০ বছৰে বিধায়ক বলিন চেতিয়াৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল । যাৰ ফলত উষাপুৰ গাঁওবাসীৰ ৰাইজৰ ক্ষোভ বহি প্ৰকাশ ঘটি শুকবাৰে বিধায়ক চেতিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাবস্ত্য কৰে ।

বিধায়ক জনক ২০২১ৰ নিৰ্বাচনৰত এসেকা দিয়াৰ সংকল্পৰে পথৰ ওপৰত বলিন চেতিয়া মূৰ্দাবাদ , বলিন চেতিয়া হায় হায়, বলিন চেতিয়া গ’ বেক আদি ধ্বনিয়ে প্ৰতিবাদ সাব্যস্ত কৰা ৰাইেজ অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক আহ্বান জনাই কয়, ‘আমাক আৰু এইজন বিধায়ক নেলাগে। যিয়ে ৰাইজৰ দুখ-দুৰ্দশা অনুধাৱন কৰিব নোৱাৰে। এখন দলং নহ’লে কি যন্ত্ৰনা হয়, শীত-তাপ নিয়ন্ত্ৰীত কোঠাত বহি ব্যৱসায় কৰি থকা বিধায়কে কি উপলব্ধি কৰিব।’ উল্লেখ্য যে হাহখাটী উষাপুৰ গাঁওৰ বাট-পথ আজি পৰিৱৰ্তনকামী চৰকাৰৰ দিনতো অতি জৰাজীৰ্ণ অৱস্থাত। ডিজিটেল ইণ্ডিয়া কথা কোৱা চৰকাৰখনৰ দিনটে গাঁওখনত নাই সম্পূৰ্ণ বিদুৎ যোগানৰ ব্যৱস্থা ।

বিশেষকৈ কাকপথাৰৰ পৰা বৰপথাৰ-হাহখাটী-নেপালী গাঁও হৈ ধলালৈ যোৱা সংযোগী পথৰ উষাপুৰ গাঁওত ধলা নৈৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে বছৰ বছৰ ধৰি স্থানীয় ৰাইজে দাবী উত্থাপন কৰি আহিছে যদিও প্ৰতি বছৰে গাঁওবাসীয়ে নিজৰ গাঁঠিৰ ধন ভাঙি কপালৰ ঘাম মাটিত পেলাই নৈখনৰ ওপৰত বাহৰ দলং নিৰ্মাণ কৰি অহা যোৱাৰ বাবে সুবিধা কৰি লৈছে । কিন্তু বাৰিষাৰ প্ৰথমতো বানে দলংখন উটুৱাই লৈ যায় । ফলত ৰুগীকে ধৰি জৰুৰী কালিনৰ সেৱাসমূহৰ ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজে দুৰ্ভোগ ভূগিবলগীয়া হৈছে। অৱশেষত ৰাইজৰ ক্ষোভৰ বহি প্ৰকাশ ঘটি বিধায়ক বলিন চেতিয়াৰ বিৰুদ্ধে অগ্নগৰ্ভা হৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখ্য যে বিধায়কজনৰ ওচৰলৈ ৰাইজে এই সমস্যা কথা ক’বলৈ গলে সকলোকে টকা দি পঠাই দিয়ে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী জনতাই। এগাৰাকী বৃদ্ধাই কয়,‘ দলঙখনৰ কাৰণে বিধায়কজনৰ ওচৰলৈ ছয়-সাতবাৰ গলো। এবাৰ আঠজনী,এবাৰ ন আৰু এবাৰ ১২ জনী মহিলা গৈছিলো । পইচা এশ এশ দি আমাক পঠাই দিবলৈ ক’লে। আমি গাড়ী ভাৰা বিচাৰিলো নিদিলে। চাহ খাবলৈ এহেজাৰ দিলে আৰু চালকক পাঁচশ দি পঠাই দিলে। দলঙখনৰ কথা ক’লো ,ফটো মাৰিবলৈ দুজন পঠাই দিলে। ফটো মাৰি নিলে দলং বনাই দিম ক’লে। কিন্তু নাহিল। গাঁওখনৰ পৰা আমি বাঁহ বিচাৰি বিচাৰি দলংখন বনাইছিলো। তেওঁ এবাৰহে দেখিছে দলংখন। নিৰ্বাচনৰ সময়ত আকৌ গলো। তেতিয়া ১০ হোজাৰ টকা উলিয়াই দিলে। আমি নানিলো। ১০ হেজাৰে কি কৰিম ?’

Exit mobile version