নগাঁৱত চাকৰি দিয়াৰ নামত টকা লৈ নিবনুৱাক প্ৰৱঞ্চনা কৰা মহিলাক গ্ৰেপ্তাৰ

IMG 20200710 193536

‘চাইল্ড লেবাৰ ডেভলপমেন্ট প্ৰজেক্ট’ৰ অধীনত চুপাৰভাইজাৰ আৰু শিক্ষকৰ পদত নিযুক্তি দিয়াৰ জাল পাতি নিজৰ ঘৰতে ভুৱা সাক্ষাৎকাৰ অনুষ্ঠিত কৰি পৰৱৰ্তী সময়ত একাংশ নিবনুৱা যুৱক-যুৱতীৰ পৰা ২৫-৩০হেজাৰকৈ টকা সংগ্ৰহ কৰি প্ৰৱঞ্চনা কৰা এগৰাকী প্ৰৱঞ্চক মহিলাক আজি নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ভূক্তভোগী নিবনুৱা সকলৰ এজাহাৰৰ ভিত্তিত ৰুজু হোৱা গোচৰ মৰ্মে আজি নগাঁও চহৰৰ ইটাচালি আৰক্ষী চকীৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মহিলা গৰাকীৰ নাম পাহি সুমন বৰা (৩৮)। তেওঁৰ ঘৰ নগাঁও চহৰৰ পানীগাঁও ছয়আলীত । আজি ইটাচালি আৰক্ষী চকীৰ আৰক্ষীয়ে তেওঁক পানীগাঁৱৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পাছত সম্প্ৰতি নগাঁও সদৰ আৰক্ষী থানাত মাৰাথন জেৰা অব্যাহত ৰখা হৈছে।

প্ৰবঞ্চিত একাংশ যুৱক-যুৱতীয়ে অভিযোগ কৰা মতে, পাহী সুমন বৰা নামৰ কথাত মৌবৰসা মহিলা গৰাকীয়ে এবছৰ পূৰ্বেই ‘চাইল্ড ডেভলপমেন্ট প্ৰজেক্ট’ৰ অধীনত চুপাৰভাইজাৰ আৰু শিক্ষকৰ পদত নিযুক্তি দিয়াৰ নামত জাল পাতিছিল। তেওঁৰ এই প্ৰৱঞ্চনাৰ জালত ভৰি দিয়ে জিলা খনৰ একাংশ শিক্ষিত নিবনুৱা যুৱক যুৱতী। আনকি মহিলা গৰাকীয়ে পদ দুটাত নিযুক্তিৰ নামত নিবনুৱা যুৱক যুৱতী সকলৰ সাক্ষাৎকাৰ পানীগাঁও ছয়আলীৰ নিজা বাসগৃহতে অনুষ্ঠিত কৰে। পৰৱৰ্তী সময়ত তেওঁ একাংশ আবেদনকাৰী পদ দুটাৰ বাবে বাচনি হোৱা বুলি অৱগত কৰি নিবনুৱা যুৱক যুৱতী সকলৰ পৰা ৩০-৩৫হেজাৰকৈ টকা বিচাৰে।

চতুৰ মহিলা গৰাকীয়ে চাকৰিৰ নিশ্চিত প্ৰদান কৰাৰ উপৰিও তেঁওৰ একাংশ ৰাজনৈতিক নেতাৰে সুসম্পৰ্ক থকা আৰু তেওঁলোকৰ লগত আলোচনা কৰি নিযুক্তিৰ তালিকা প্ৰস্তুত কৰা বুলি সদৰী কৰে। পাহি সুমনৰ কথাত ভোল গৈ এটা চাকৰিৰ বাবে আবেদন কৰা নিবনুৱা যুৱক যুৱতী সকলে পাহি সুমনক ৩০-৩৫হেজাৰকৈ টকা আদায় দিয়ে। কিন্তু মাহৰ পাছত মাহ বাগৰাৰ পাছতো চাকৰিৰ কোনো উমঘাম নোপোৱাত উদ্বিগ্ন হৈ পৰা যুৱক যুৱতী সকলে পাহি সুমনৰ কাষ চপাত বিভিন্ন চলাহী কথাৰে তেওঁলোকক ফাঁকি দি আহে । অৱশেষত নিবনুৱা যুৱক-যুৱতী সকলে তেওঁলোক যে প্ৰবঞ্চিত হৈছে সেইটো নিশ্চিত হ’ব পাৰি শেহতীয়াকৈ পাহি সুমনক চাকৰিৰ বাবদ আদায় দিয়া টকা ওভটাই বিচাৰি তেওঁৰ ঘৰলৈ যায় ।

অভিযোগ অনুসৰি, আদায় দিয়া ধন ঘূৰাই বিচৰা নিবনুৱা যুৱক-যুৱতী সকলক পাহি সুমনে বিভিন্ন ভয় ভাবুকিও প্ৰদান কৰে। স্মৰ্তব্য যে, প্ৰৱঞ্চক মহিলা গৰাকীয়ে এগৰাকী প্ৰতিবন্ধী যুৱতীৰ পৰাও চুপাৰভাইজাৰ চাকৰি দিয়াৰ নামত ৩৫হেজাৰ টকা আদায় লৈছিল । পাছত তেওঁ টকা ঘূৰাই বিচৰাত তেওঁকো বিভিন্ন ভয় ভাবুকি প্ৰদান কৰিছিল। এই কথা ভূক্তভোগী যুৱতী গৰাকীয়ে আজি নিজেই নগাঁৱত সাংবাদিকৰ আগত প্ৰকাশ কৰে। পাহি সুমন বৰাৰ প্ৰৱঞ্চনাৰ জালত পৰি সৰ্বস্বান্ত হোৱা জিলা খনৰ একাংশ প্ৰৱঞ্চিত যুৱক-যুৱতীয়ে পাহি সুমনৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিবলৈ বাধ্য হয়।আৰক্ষীয়ে সেই এজাহাৰৰ ভিত্তিতে এক গোচৰ ৰুজু কৰি আজি পাহি সুমন বৰাক গ্ৰেপ্তাৰ কৰে।

Exit mobile version