‘আচ্চা ম্যে চলতা হুঁ, দোৱাও ম্যে য়াদ ৰাখ না’ গীতেৰেই চিৰবিদায় ল’লে শিল্পী ঋষভে

pnjephjj

‘আচ্চা চলতা হুঁ,দোৱাও ম্যে য়াদ ৰখনা’ ৷ এই গীতৰ জৰিয়তে চিৰ কাললৈ বিদায় ল’লে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ প্ৰতিভাৱান কিশোৰ ঋষভ দত্তই । দীৰ্ঘদিন ধৰি ৰক্তাল্পতাত ভোগা ১৭ বছৰীয়া ঋষভে যেন উপলব্ধি কৰিছিল তেওঁৰ বিদায়ৰ সন্ধিক্ষণৰ কথা ৷ সেইবাবেই জীৱনৰ অন্তিম দিনকেইটাত বাংগালুৰুৰ এখন চিকিৎসালয়ত ৰোগশয্যাত বহি নিজৰ মৰম গীটাৰখনত সুৰৰ মাধুৰ্য্যৰ সৃষ্টি কৰি আপোনমনে গাইছিল কিছু বছৰৰ পূৰ্বে মুক্তি পোৱা ইয়ে দিল হ্যে মুস্কিল নামৰ ছবিখনত যশস্বী সংগীত শিল্পী অৰিজিৎ সিঙে কণ্ঠদান কৰা সেই জনপ্ৰিয় গীতটিত ৷

অৱশ্যে গীটাৰৰ ঝংকাৰ আৰু প্ৰতিভাৱান কিশোৰজনৰ সুৰৰ মাধুৰ্য্যই সেই সময়ত হাস্পতালৰ কোঠাত বহি মন্ত্ৰমুগ্ধৰ দৰে গীত শুনি থকা অবিভাৱক, চিকিৎসক, নাৰ্ছ আদিৰ মনত তৃপ্তি দিব পৰা নাছিল ৷ বৰঞ্চ সেই গীতে তেওঁলোকৰ মনক দিছিল কিবা হেৰাই যোৱাৰ বেদনা ৷ জটিল ৰোগৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তম সেই গীত সুৰ বিলায়েই সচাঁকৈয়ে চিৰকাললৈ গুচি গ’ল সংগীতৰ এটি বিশেষ প্ৰতিভা ৷ যোৱা বৃহস্পতিবাৰে বাংগালুৰুৰ এখন ব্যক্তিগত হাস্পতালত ঋষভে শেষ নিশ্বাস ত্যাগ কৰে ৷

উল্লেখযোগ্য যে শৈশৱৰ পৰাই সংগীতৰ প্ৰতি ধাউতি আছিল ঋষভৰ ৷ যোৱা বছৰৰ শেষ ভাগৰপৰাই তেওঁ হৈ পৰিছিল “ইন্টাৰনেট চাঞ্চল্য” ৷ সামাজিক মাধ্যমত ঋষভৰ এটি ক্লাবো গঠন হৈছিল ৷ তেওঁলোকে প্ৰতিভাৱান কিশোৰজনৰ চিকিৎসাৰ বাবে ধন সংগ্ৰহো আৰম্ভ কৰিছিল ৷ অসম চৰকাৰৰ তৰফৰ পৰাও আৰ্থিক অনুদান আগবাঢ়োৱা হৈছিল ৷ কিন্তু সকলো ব্যৰ্থ হ’ল ৷ ইয়াৰ পাছতে ঋষভৰ গীতৰ ভিডিঅ’সমূহ সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফৰ্মত ব্যাপক হাৰত ভাইৰেল হয় । সেই গীত শুনি প্ৰতিভাৱান গায়কজনৰ অকাল মৃত্যুত অশ্ৰু অঞ্জলি যাঁছে ৷ বিশেষকৈ ‘আচ্চা চলতা হুঁ গীতৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে ১০ হেজাৰৰ অধিক লোকে ৷ অধিকাংশ শ্ৰোতাৰ কেৱল এটাই মন্তব্য,ঋষভ গ’লেও ঋষভ আছ,ঋষভ থাকি যাব তেওঁৰ গীতৰ মাজেৰে ৷

Exit mobile version