আমেৰিকাত নিষেধ পাকিস্তান বিমানৰ উৰণ

AP BLD PIA A320 at DAC 20 02 16

পাকিস্তান ইণ্টাৰনেছনেল এয়াৰলাইন্সৰ বিমান উৰিব নোৱাৰিব মাৰ্কিন যুক্তৰাষ্ট্ৰত । ড’নাল্ড ট্ৰাম্প প্ৰশাসনে জাৰি কৰিছে এই নিষেধাজ্ঞা । পাকিস্তানৰ বিমান পৰিবহন মন্ত্ৰীৰ এক মন্তব্যৰ পাছতে মাৰ্কিন যুক্তৰাষ্ট্ৰত এই নিষেধাজ্ঞাৰ সন্মুখীন হৈছে পাকিস্তানী বিমানে । উল্লেখ্য যে মন্ত্ৰীজনে দেশখনৰ বিমান চালকসকলৰ ৪০ শতাংশৰ ‘লাইছেন্স’ ভুৱা বুলি মন্তব্য কৰিছিল । যোৱা মাহত কৰাচীত সংঘটিত বিমান দুৰ্ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য কৰিছিল মন্ত্ৰীজনে । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ফেডাৰেল এভিয়েছন প্ৰশাসনে পাকিস্তানৰ বিমান চালকৰ লাইছেন্সৰ বিষয়টোক লৈ তীব্ৰ উদ্বিগ্নতা ব্যক্ত কৰে ।

ইয়াৰ পাছতে ট্ৰাম্প প্ৰশাসনে আমেৰিকাত পাকিস্তানৰ বিমানৰ উৰণত নিষেধাজ্ঞা জাৰি কৰে । পাকিস্তানৰ বিমান পৰিবহণ মন্ত্ৰীজনে কৰা মন্তব্যত দেশখনৰ বিমান চালকে কোনো ধৰণৰ পৰীক্ষাত নবহাকৈয়ে লাইছেন্স আদায় কৰাৰো অভিযোগ কৰিছিল । শেহতীয়াকৈ এখনৰ পাছত আনখন দেশে বিষয়টোক লৈ চিন্তা ব্যক্ত কৰিবলৈ লৈছে । তদুপৰি একাধিক দেশে পাকিস্তানৰ বিমান সেৱাৰ বিমানৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিবলৈ সাজু হৈছে ।

Exit mobile version