দুসপ্তাহলৈ তলাবন্ধৰ বৃদ্ধিৰ প্ৰস্তাৱ

Lockdown

কৰ’না ভাইৰাছত দ্ৰুত সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্য কামৰূপ মহানগৰ জিলাত অব্যাহত থকা তলাবন্ধৰ ম্যাদ পুনৰ দুসপ্তাহলৈ বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰক প্ৰস্তাৱ দিয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ৷ মহানগৰীৰ বিভিন্ন আৰক্ষী থানা পৰ্যায়ৰ নাগৰিক সমিতিসমূহৰ বিষয়ববীয়াৰে অনুষ্ঠিত বৈঠকৰ অন্তত এই কথা প্ৰকাশ কৰে স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাই । অৱশ্যে তলাবন্ধৰ ম্যাদ বৃদ্ধিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰহে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব বুলি তেওঁ কয় ৷

ইয়াৰ আগেয়ে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু আৰক্ষী আয়ুক্তালয়ৰ উদ্যোগত অনুষ্ঠিত থানা পৰ্যায়ৰ নাগৰিক সমিতিৰ বৈঠকত অংশ লৈ তেওঁ কয় “বৰ্তমান জটিল সন্ধিক্ষণতউপনীত হৈছে গুৱাহাটী মহানগৰী ৷ আগন্তুক ২০-২৫ দিন মহানগৰীৰ প্ৰতিজন লোকৰ জীৱনৰ অতি গুৰুত্বপূৰ্ণ দিন । এনেপৰিস্থিতিত তলাবন্ধৰ ম্যাদ বৃদ্ধিৰ যথেষ্ট প্ৰয়োজনীয়তা আছে ৷” বৰ্তমানে অব্যাহত থকা সম্পূৰ্ণ তলাবন্ধৰ প্ৰভাৱত মহানগৰীত কৰ’নাত আক্ৰান্তৰ সংখ্যা ১৩ শতাংশলৈ হ্ৰাস পোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে চলিত মাহৰ প্ৰথম সপ্তাহত গুৱাহাটী মহানগৰীত কৰ’নাত আক্ৰান্তৰ হাৰ ৩৫ শতাংশ । কিন্তু তলাবন্ধৰ বাবে এই হাৰ ১৩ শতাংশলৈ হ্ৰাস পাইছে। অৱশ্যে কৰ’না মুক্ত হোৱা নাই গুৱাহাটী ৷

ইপিনে কৰ’নাৰ সংক্ৰমণৰ প্ৰতিৰোধৰ স্বাৰ্থত তলাবন্ধৰ ম্যাদ বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে আগবঢ়োৱা প্ৰস্তাৱত সমৰ্থন আগবঢ়ায় মহানগৰীৰ আৰক্ষী থানা পৰ্যায়ৰ সমিতিসমূহে ৷ অৱশ্যে সাধাৰণ শ্ৰেণীৰ লোকসকলে যাতে তলাবন্ধৰ সময়ছোৱাত খাদ্য সামগ্ৰীৰ অভাৱৰ সন্মুখীন নহয় সেয়া নিশ্চিত কৰাৰ লগতে শাক-পাচলিকে ধৰি প্ৰয়োজনীয় সামগ্ৰীৰ যোগান আৰু দাম নিয়ন্ত্ৰণৰ বাবে নাগৰিক সমিতিসমূহে আহ্বান জনায়।

Exit mobile version