নলবাৰীত ন জন ক’ভিড মুক্ত

coronavirus shutter 4

ৰাজ্যত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বিপৰীতে সুস্থ হোৱাৰ সংখ্যাও বৃদ্ধি পাইছে ৷ নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক ক’ভিড হাস্পতালৰ পৰা আজি নজন ৰোগীক ক’ভিড-১৯ মুক্ত হোৱাৰ পিছত ঘৰলৈ যাবলৈ দিয়া হয় ৷ চিকিৎসালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে কাইলৈ পুনৰ ৩১ গৰাকী লোকক ঘৰলৈ যাবলৈ দিয়াৰ সম্ভাৱনা আছে ৷ ইফালে চিকিৎসালয়খনত আজি নতুনকৈ এজন ৰোগীক চিকিৎসালয়খনত ভৰ্তি কৰা হৈছে ৷ বৰ্তমান জিলা চিকিৎসালয়খনত ৬১ গৰাকী লোক ভৰ্তি হৈ আছে ৷

ইফালে বেলশৰ মডেল হাস্পতালত বৰ্তমান ৪০ গৰাকী লোক চিকিৎসাধীন হৈ আছে ৷ জিলাখনত আজি পুনৰ ফৰেষ্ট অফিচৰ ওচৰৰ ৮২ বছৰীয়া ৰতনলাল জৈন আৰু ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চতমাৰ পবন দাস ক’ভিড-১৯ত আক্ৰান্ত হয় ৷ উল্লেখযোগ্য যে আক্ৰান্ত বৃদ্ধ গৰাকীক নিজঘৰত কোৱাৰেন্টাইনত ৰখাৰ বিপৰীতে আনগৰাকীক শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন কৰা হয় ৷

Exit mobile version