নেপালত নিষিদ্ধ হ’ল সকলো ভাৰতীয় টিভি চেনেল

p06jv19p

নেপালে কালিৰে পৰা দেশখনত দূৰদৰ্শনৰ বাহিৰে আন সকলোবোৰ ভাৰতীয় টিভি চেনেলৰ অনুষ্ঠান প্ৰদৰ্শন নিষিদ্ধ কৰিলে। নেপাল চৰকাৰৰ এই সিদ্ধান্তৰ কথা ঘোষণা কৰি নেপাল কমিউনিষ্ট পাৰ্টিৰ মুখপাত্ৰ নাৰায়ণ কাজি শ্রেষ্ঠাই অভিযোগ কৰি কয় যে ভাৰতীয় টিভি চেনেলসমূহে নেপাল বিৰোধী অপপ্ৰচাৰ চলাই অহাৰ লগতে প্ৰধানমন্ত্ৰীৰ সন্দৰ্ভত অৱমাননামূলক মন্তব্য প্ৰকাশ কৰিছে ।

এনেবোৰ কাৰণতে নেপালত সকলোবোৰ ভাৰতীয় টেলিভিছন চেনেল নিষিদ্ধ কৰিবলৈ নেপাল চৰকাৰে সিদ্ধান্ত ল’লে বুলি শ্রেষ্ঠাই জানিবলৈ দিয়ে । উল্লেখ্য যে ভাৰতৰ তিনিটা অঞ্চলক সামৰি নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি চৰকাৰে দেশখনৰ এখন নতুন বিতৰ্কিত মানচিত্ৰ সদনত গৃহীত কৰোৱাৰ পাছৰে পৰা নেপাল-ভাৰতৰ সংঘাত অব্যাহত আছে । ভাৰতবিৰোধী স্থিতি গ্ৰহণ কৰি অলিৰ চৰকাৰে এইবাৰ নেপালত সকলো ভাৰতীয় টিভি চেনেল নিষিদ্ধ কৰাৰ সিদ্ধান্ত ল’লে।

Exit mobile version