গোৱালপাৰা জিলাৰ পূৱ গোৱালপাৰাৰ দোমনী দলঙৰ পৰা নৈত জপিয়াই এগৰাকী যুৱতীয়ে আত্মহত্যা কৰা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । প্ৰাপ্ত তথ্য মতে, মৰনৈ থানাৰ অন্তৰ্গত মৰনৈ হিৰাপাৰাৰ শৰৎ দাসৰ কন্যা মধুস্মিতা দাসে (১৮) আজি বিয়লি প্ৰায় ডেৰমান বজাত দলঙৰ পৰা ভৰা নৈত জপিয়াই আত্মহত্যা কৰে । ৪৬ নং ৰাজ্যিক ঘাই পথৰ কৃষ্ণাই নৈৰ ওপৰত থকা দোমনী পাকী দলঙৰ ৰেলিঙৰ পৰা জপিয়াইছিল মধুস্মিতাই । দলঙৰ কাষতে থকা কে’বাজনো লোকৰ সন্মুখতে জপিয়াই নৈত পৰা দৃশ্য প্ৰত্যক্ষ কৰি স্থানীয় দুজন যুৱকে যুৱতী গৰাকীক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল যদিও উদ্ধাৰ কৰিব নোৱাৰিলে । কাৰণ বাৰিষাৰ ভৰা নৈৰ সোঁতত মূহুৰ্ততে বহুদূৰ উটুৱাই নিছিল মধুস্মিতাক ।
প্ৰত্যক্ষদৰ্শী সকলে চিঞৰ-বাখৰ আৰম্ভ কৰি মৰনৈ আৰক্ষীক খবৰ দিয়ে । মৰনৈ আৰক্ষীয়ে যন্ত্ৰচালিত নৌকাৰে উদ্ধাৰ অভিযান চলাই আছে যদিও বৰ্তমানলৈ মধুস্মিতাৰ কোনো সন্ধান উলিয়াব পৰা নাই । উল্লেখ্য যে, এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা মধুস্মিতাৰ আত্মহত্যাৰ প্ৰকৃত কাৰণ জানিব পৰা নাই যদিও প্ৰেমজনিত কাৰণত ঘটনাটো সংঘটিত কৰা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰে ।
ইপিনে, মৰনৈ থানাৰে অন্তৰ্গত টাকাদিয়াবৰীৰ ধৰ্মেন্দ্ৰ নাথ নামৰ যুৱক জনৰ সৈতে বিগত আঢ়ৈ বছৰৰ পৰা প্ৰেমৰ সম্পৰ্ক আছিল মধুস্মিতাৰ । সময়ে-সময়ে সৰু-সৰু কথালৈ দুয়োৰে কাজিয়াৰো সূত্ৰপাত ঘটিছিল । একেদৰে আজিও দুয়োৰে মাজত কে’বাবাৰো ম’বাইল যোগে বাৰ্তালাপ হৈছিল ।” এই কথা ঘটনাস্থলীতে উপস্থিত হৈ আৰক্ষী আৰু সাংবাদিকক নিজেই ব্যক্ত কৰিছে প্ৰেমিক ধৰ্মেন্দ্ৰ নাথে । ঘটনাৰ প্ৰায় তিনি ঘন্টাৰ মূৰত এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ মধুস্মিতাৰ কোনো সন্ধান পোৱা নাই বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ।