অৰুণাচলৰ খুনছাত কেনেকৈ সংঘটিত হৈছিল সেনাৰ “এনকাউণ্টাৰ”।

IMG 20200712 WA0047

তিনিচুকীয়াৰ জিলাৰ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী টিৰাপ জিলাৰ নিংনুৰ অঞ্চলত ১১ জুলাইৰ পুৱতি নিশা সেনাৰ দ্বাৰা কেনেকৈ  ছজনকৈ এন এচ চি এ এনৰ দুধৰ্ষ কেডাৰ “এনকাউন্টাৰ”হৈছিল সেই সন্দৰ্ভত আজি এক সংবাদমেল সদৰী কৰে  সেনা বাহিনীয়ে ।

এনকাউণ্টাৰত নিহত এন এন এচ চি (আই এম)ৰ কেডাৰ কেইজন হৈছে ছেকেণ্ড লেফটেনেণ্ট সৈম্য,ছাৰ্জেণ্ট মেজৰ আশাক,ছাৰ্জেণ্ট সমিপাম ছাইজা,ছাৰ্জেণ্ট ছাওৱাং,লেন্সকৰ্পৰেল লেণ্টচোৱা লালি আৰু সদস্য পাওগোহাও।সেনাই প্ৰকাশ কৰা অনুসৰি  অসম-অৰুণাচলকে ধৰি উত্তৰ-পূবৰ বিভিন্ন অঞ্চলত কূটাঘাত আৰু ধনদাবী কৰি আহিছিল এই ছজনীয়া উগ্ৰপন্থী দলটোৱে।

এনেদৰে ধনদাবী আৰু কূটাঘাতৰ লক্ষ্যৰে বাহৰ পাতি থকাৰ তথ্য সেনাৰ চোৰাংচোৱা সূত্ৰই তথ্য লাভ কৰি নিংনুৰ বস্তিত কালি পুৱতি নিশা তালাচী চলাওতেই দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষত উগ্ৰপন্থী সদস্য কেইজন থিতাতে নিহত হৈছিল।উল্লেখ্য যে,বৰ্ত্তমান এন এচ চি এন (আই এম)ৰ গোট যুদ্ধবিৰতিত নাই যদিও যুদ্ধবিৰতিত থকা যিকোনো গোটে  নিদিষ্ট ডেজিগনেটেড কেম্পত থাকিব লাগিব ৷ আৰু উগ্ৰপন্থী সদস্যৰ গতি বিধি হোৱাৰ উমান পালে সেনাবাহিনীক অৱগত কৰিব লাগিব।

কূটাঘাত আৰু ধনদাবীৰ লক্ষ্যৰে মাৰণাস্ত্ৰ লৈ ঘুৰি ফুৰিলে এনেদৰেই এনকাউন্টাৰৰ সন্মূখীন হ’ব লাগিব বুলি অৰুণাচল প্ৰদেশৰ খুনছাৰ ৬ নং অসম ৰাইফলছৰ মূখ্যকাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদ মেলত আসাম ৰাইফলছৰ ২৫ চেক্টৰৰ কামাণ্ডেণ্ট বিজয় কাহাৰে উল্লেখ কৰে।বিগত এবছৰৰ পৰা টিৰাপ জিলাৰ বিভিন্ন অঞ্চলত এন এচ চি এন (আই এম)ৰ গতিবিধি বৃদ্ধি পাই আহিছিল যাৰ ফলস্বৰূপে সেনাৰ চোৰাংচোৱাৰ দ্বাৰা নিশ্চিত তথ্যৰ ভিত্তিত অভিযান চলাই ছজনকৈ উগ্ৰপন্থী সদস্যক গুলিয়াই নিহত কৰিবলৈ সক্ষম হৈছিল।

Exit mobile version