উৎক্ষেপণৰ মুহূৰ্ততে জ্বলি ছাৰখাৰ হ’ল ‘কে জেদ-১১’

2WFpZmmfZHopETQ9ey5t6T 1200 80

সকলো ঠিকে-থাকেই চলিছিল । কিন্ত সমস্ত আশাত চেঁচাপানী পৰিবলৈ মাত্ৰ কেইটামান মুহূৰ্তৰহে প্ৰয়োজন হ’ল । উৎক্ষেপনৰ মুহূৰ্ততে ৰকেটত আৰম্ভ হ’ল যান্ত্ৰিক বিজুতি । কিছু সময়ৰ পাছতে ভাঙি পৰিল চীনৰ অতি ব্যয়বহুল ৰকেট কে জেদ-১১। চীনৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি কালি উত্তৰ-পশ্চিম চীনৰ জিউকুয়ান ছেটেলাইট লঞ্চ চেন্টাৰৰ পৰা মহাকাশলৈ ছটাকৈ ছেটেলাইটসহ উৰা মাৰিছিল কে জেদ-১১ ৰকেটটো । চীনে ইতিমধ্যে মহাকাশলৈ প্ৰেৰণ কৰা ৰকেটবিলাকৰ ভিতৰত কে জেদ-১১ আছিল সবাতোকৈ ডাঙৰ ৰকেট । প্ৰায় ৭০.৮ টন ওজনযুক্ত ৰকেটটোক দীর্ঘ প্ৰচেষ্টাৰ অন্তত উৰণৰ বাবে সাজু কৰা হৈছিল।

চীনৰ বিজ্ঞানী সকল অতিকৈ আশাবাদী আছিল কে জেদ -১১ ক লৈ । কম সময়তে উৎক্ষেপনৰ লক্ষ্যৰে ৰকেটটোত কঠিন প্ৰজ্বলন ভৰোৱা হৈছিল । শেহতীয়াকৈ মিছাইল প্ৰযুক্তিৰ আলমতে সাজি উলিওৱা হৈছিল কে জেদ-১১ক । কিন্ত নিমিষতে ছাৰখাৰ হ’ল চীনৰ সপোন । মহাকাশলৈ প্ৰেৰণ কৰিব বিচৰা ছটাকৈ ছেটেলাইট সহ ছাইলৈ পৰিণত হয় কে জেদ -১১ নামৰ ৰকেটতো । চীনে অৱশ্যে স্বভাৱগতভাৱেই এই প্ৰকল্পৰ ব্যৰ্থতাত কিমান বৃহৎ ক্ষতিৰ সন্মুখীন হ’ল সেই বিষয়ত কোনো তথ্য এতিয়ালৈ সদৰী কৰা নাই ।

Exit mobile version