ঘোষণা হ’ল চিবিএচই দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল

CBSE 759 3

আজি ঘোষণা কৰা চি বি এছ ই দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ৷কিন্তু চি বি এছ ইৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে প্ৰায় দুঘণ্টা ধৰি ফলাফল দিয়াৰ ৱেবছাইটটো বিকল হৈ পৰে৷ এই সন্দৰ্ভত চি বি এছ ই কৰ্তৃপক্ষই কয় যে কিছু যান্ত্ৰিক বিজুতিৰ কাৰণে প্ৰায় দু ঘন্টা ধৰি ৱেবছাইটটো বিকল হৈ পৰে।

লগতে প্ৰত্যেকখন বিদ্যালয়লৈ ছাত্ৰছাত্ৰীসকলৰ ফলাফলসমূহ প্ৰেৰণ কৰা হৈছে বুলিও অৱগত কৰে চি বি এছ ই কৰ্তৃপক্ষই ৷উল্লেখযোগ্য যে কৰ’না ভাইৰাছৰ মাজতে ১৫ ৰ পৰা ৩০ মাৰ্চৰ ভিতৰত হোৱা চি বি এছ ইৰ পৰীক্ষাত চলিত বৰ্ষত ১১,৯২,৯৬১ জন ছাত্ৰছাত্ৰী অৱৰ্তীণ হৈছে।

ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৮৮.৭৮ শতাংশ ৷আনহাতে এইবাৰৰ ফলাফলত ছাত্ৰতকৈ ছাত্ৰীৰ ফলাফল সন্তোষজনক ৷ইপিনে ছাত্ৰ ছাত্ৰীসকলক ডিজিটেল মাৰ্কশ্বিট প্ৰদান কৰা হ’ব ৷ইয়াৰ কাৰণে digilocker.gov.in ত গৈ মাৰ্কশ্বিট ডাউনলোড কৰিব পাৰিব ৷

Exit mobile version