বাক্সাত বেঁকীৰ গৰাখহনীয়াই লৈছে কালৰূপ : চকুৰ সমুখত উচন হৈছে ভেটি-মাটি

b3d43443 d1b4 4537 8be7 5aaa60311bb7

ভূটানে এৰা পানী আৰু মূষলধাৰ বৰষুণৰ বাবে বেঁকী নৈৰ জলপৃষ্ঠ ফেনে-ফোটোকাৰে বৃদ্ধিৰ হোৱাৰ পিছতে বাক্সাৰ শালবাৰী মহকুমাৰ বিভিন্ন প্ৰান্তত কালৰূপ ধাৰণ কৰিছে খহনীয়াই ৷ ইতিমধ্যেই মহকুমাটোৰ চূণবাৰী, এলেঙামাৰী, খাগ্ৰাবাৰী, গোৱৰ্ধনা, ওদালগুৰী, টিলাবড়ী, মৈথাবাৰী, বিশপানী, নাৰায়ণগুৰি, ননকে খাগ্ৰাবাৰী, বাৰাপেটা, ছাফাকামাৰ আদিত ভয়ংকৰ ৰূপ লৈছে বেঁকীৰ খহনীয়াই ৷

বছৰ বছৰ ধৰি এই খহনীয়াত নৈপৰীয়া বহু পৰিয়ালৰ ভেটি পৰ্যন্ত উচন হৈছে যদিও ৰাইজে এইক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগৰ আঙুলি টোৱাইছে স্থানীয় সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাস আৰু বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীলৈ ৷ হাগ্ৰামা মহিলাৰীৰ ১৭ বছৰীয়া শাসন আৰু বিধায়ক ৰঞ্জিত দাসৰ দুটা কাৰ্যকালতো এই খহনীয়া ৰোধৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থা নোলোৱাত ক্ষোভ উজাৰে ক্ষতিগ্ৰস্ত ৰাইজে ৷

শীঘ্ৰেই এই সমস্যা ৰোধৰ বাবে ভূক্তভোগী জনতাই সংবাদ মাধ্যমৰ জড়িয়তে বৰ্তমান বিটিচিত শাসন চলোৱা ৰাজ্যপাললৈ আহ্বান জনায় ৷ অনাগত সময়ত ৰাইজৰ হকে কাম নকৰা জনপ্ৰতিনিধিক নিৰ্বাচনৰ জড়িয়তে উচিৎ শিক্ষা দিয়াৰ হুংকাৰ প্ৰদান কৰে ক্ষোভিত ৰাইজে ৷

 

Exit mobile version