বিধ্বস্ত আমেৰিকাত ১.৩৪ লাখৰ মৃত্যুঃএদিনতে সংক্ৰমিত ৬৯ হাজাৰ

trump mask The Independent

কৰ’নাৰ আক্ৰমণত আমেৰিকাৰ বিপযস্ত ৷দিনে দিনে ভয়াৱহ ৰূপত আক্ৰান্ত মৃত্যু হৈছে । তৎস্বত্বেও ইমানদিনে নিৰ্বিকাৰ আছিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প । নিজে মাস্ক পৰিধান কৰাৰ তাগিদাও তেওঁ দেখুওৱা নাছিল । অৱশ্যে অৱশেষত তেওঁ মাস্ক পৰিধান কৰিবলৈ বাধ্য হ’ল ৷ অৱশ্যে নিদিষ্ট স্থানতহে মাস্ক পৰিধান কৰিব বুলি ট্ৰাম্পে স্পষ্ট কৰি দিয়ে । যোৱা তিনি এপ্ৰিলত “চেন্টাৰ ফ’ৰ ডিজিজেজ কন্ট্ৰ’ল এণ্ড প্ৰিভেন্সনৰ”ৰ তৰফৰ পৰা মাস্ক পৰিধান কৰিহে ঘৰৰ বাহিৰত ভৰি থ’বলৈ অনুৰোধ জনোৱা হয় ।  তাৰ পাছতো বিগত তিনি মাহত বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰলৈ গ’লেও মাস্ক পৰিধান কৰাৰ প্ৰয়োজন অনুভৱ কৰা নাই ট্ৰাম্পে ৷ সভাত সমাবেশ ঘটাবলৈ সামাজিক দূৰত্ব বিধিৰ প্ৰতিও ভ্ৰূক্ষেপ কৰা নাই তেওঁৰ প্ৰচাৰৰ দায়িত্বৰতসকলে ৷

অৱশ্যে শনিবাৰে তেওঁৰ মুখত মাস্ক পৰিধান কৰি হাস্পতালত আহত সেনাকৰ্মীক সাক্ষাৎ কৰে ৷ ৰাষ্ট্ৰপতিৰ প্ৰতি প্ৰস্তুত কৰা গাঢ় নীলা ৰঙৰ বিশেষ মাস্ক পৰিধান কৰে তেওঁ ৷ ইমানদিন পাছত হঠাৎ মত সলনি কিয় জানিব বিচৰাত ট্ৰাম্পে কয় “মই কোনোদিনে মাস্কৰ বিৰোধিতা কৰা নাই । অৱশ্যে মোৰ বিশ্বাস স্থান আৰু সময় বুজি মাস্ক পৰিধান কৰা উচিত ৷ হাস্পতাললৈ গ’লে মাস্ক পৰিধান কৰি যোৱা উচিত৷ সম্প্ৰতি আমেৰিকাত আক্ৰান্ত ৩২ লাখ ৪৭ হেজাৰ ৭৮২ জন । ইতিমধ্যে এক লাখ ৩৪ হেজাৰ ৮১৫ জনে প্ৰাণ হেৰুৱাইছে ৷

ট্ৰাম্পৰ সহযোগীসকলৰ ভিতৰত কে’বাজনো তথা পুত্ৰ ড’নাল্ড জুনিয়ৰ প্ৰেমিকা কিম্বাৰলিও কৰ’নাত আক্ৰান্ত হয় । তৎস্বত্বেও পৰিধান কৰা নাই মাস্ক ৷পৰিৱৰ্তে মাস্ক পৰিধান কৰাৰ বাবে প্ৰতিদ্বন্দ্বী জো বাইডেনক কটাক্ষ কৰিছে । এই পৰিস্থিতিত কিয় ট্ৰাম্পে মাস্ক পৰিধান কৰিবলগীয়া হ’লে তাকে লৈ চৰ্চা চলিছে ৷ ইপিনে আমেৰিকাত পুনৰ এদিনতে ৬৯ হেজাৰ আক্ৰান্ত হৈ ৰেকৰ্ড গঢ়িছে ৷ সমগ্ৰ বিশ্বতে মৃত্যুৰ সংখ্যা পাঁচ লাখ ৬৩ হেজাৰ অতিক্ৰম কৰিছে ৷ ইয়াৰ ভিতৰত এক লাখ ৩৬ হেজাৰজন মাৰ্কিন নাগৰিক ৷

Exit mobile version