মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই উন্মোচন কৰিলে ড° বাণীকান্ত কাকতি বৈদ্যুতিক শ্মশান

WhatsApp Image 2020 07 13 at 2.19.56 PM

তলাবন্ধৰ মাজতে আজি গুৱাহাটী মহানগৰীৰ উলুবাৰীস্হিত ৰামকৃষ্ণ মিছন পথত অৱস্হিত ড° বাণীকান্ত কাকতি বৈদ্যুতিক শ্মশান উন্মোচন কৰা হয় ৷ পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক তথা গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আজি দিনৰ ১২ বজাত আনুষ্ঠানিক ভাৱে উন্মোচন কৰে ৷ মন্ত্ৰী ভট্টাচাৰ্যই শ্মশান উন্মোচন কৰি কয় যে জি এম ডি এৰ অধীনত প্ৰায় ৫ কোটি ৯ লাখ টকা ব্যায় সাপেক্ষে এই অত্যাধুনিক বৈদ্যুতিক শ্মশান নিৰ্মাণ কৰা হৈছে ৷ কৰ’না আক্ৰান্ত হৈ মৃত্যুমুখত পৰা ব্যক্তিৰ শৱদেহ সৎকাৰ কৰাৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল ৷ ইয়াৰ বাবেই স্বাস্থ্য বিভাগে জিএম ডিত বৈদ্যুতিক শ্মশানখন ক্ষীপ্ৰতাৰে সম্পন্ন কৰাৰ বাবেই অনুৰোধ জনাই আহিছিল ৷ সেয়েহে জি এম ডিয়ে আজি আনুষ্ঠানিকতাৰে ৰাইজৰ মাজত মুকলি কৰি দিয়ে বুলি মন্ত্ৰী ভট্টাচাৰ্যই উল্লেখ কৰে ৷

উল্লেখ্য যে এতিয়াৰ পৰা গুৱাহাটী পৌৰনিগমে শ্মশান খনৰ দায়িত্ব গ্ৰহন কৰিব ৷ এই ক্ষেত্ৰত জি এম ডিএৰ মুখ্য কাৰ্যবাহী বিষয়া উমানন্দ দলেই গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত দেৱজ্যোতি হাজৰিকাক চুক্তিবদ্ধ ভাৱে দায়িত্ব অৰ্পন কৰে ৷ ৰামকৃষ্ণ মিছন শ্মশান সমিতিৰ মুখ্য উপদেষ্টা বিৰাজ চক্ৰৱৰ্তীয়ে পৌৰহিত্যত কৰা সভাখনত বিশিষ্ট ব্যক্তি হিচাপে উপস্হিত থাকে জি এম ডিএৰ উপাধক্ষ্য মুকুতা ডেকা, জিএম ডিএৰ মুখ্য কাৰ্যবাহী বিষয়া উমানন্দ দলৈ, গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত দেৱজ্যোতি হাজৰিকা, শ্মশান সমিতিৰ সভাপতি সঞ্জীৱ ডেকা ৷ আনহাতে উন্মোচনী সভা অন্ত পৰাৰ পিছত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই শ্মশান খনৰ চৌহদত এটি গছপুলি ৰোপণ কৰে ৷

Exit mobile version