Keralam:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:বহি:ৰাজ্যত সুৰক্ষিত নহয় অসমৰ যুৱক ৷ দিনক দিনে বৃদ্ধি পাইছে বহি:ৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু ঘটনা। কৰ্মসংস্থাপনৰ তাগিদাত বহি:ৰাজ্যৰ বিভিন্ন কল কাৰখানাত নিয়োজিত হৈ অসমৰ যুৱকৰ ইজনৰ পিছত সিজনকৈ মৃত্যু হোৱাৰ ঘটনাই সকলোকে সচকিত কৰি তুলিছে ।
ADVERTISEMENT
এইবাৰ পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু ঘটনা পোহৰলৈ আহিছে ৷ কেৰালাৰ ৰে’ল ষ্টেচনত উদ্ধাৰ হয় জামুগুৰিহাটৰ যুৱকৰ মৃতদেহ ৷ ইতিমধ্যে পৰিয়ালক লোকে এই খবৰ লাভ কৰাৰ পিছতে শোকত ভাগি পৰিছে।






























