আমেৰিকাত বিগত কিছুদিন ধৰি বৰ্ণ বৈষম্য বাদৰ সন্দৰ্ভত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ এনেসময়তে আমেৰিকাৰ নৌসেনাত আফ্ৰিকা মূলৰ লেফটেনেণ্ট মেডলিন স্বীগলে ১১০ বছৰৰ পিছত এক ইতিহাসৰ সৃষ্টি কৰিছে ৷ মেডলিন আমেৰিকাৰ নৌসেনাত প্ৰথম গৰাকী মহিলা পাইলট হিচাপে নিযুক্তি লাভ কৰিছে । এই কথা প্ৰকাশ কৰিছে আমেৰিকাৰ নৌসেনাই ৷
ইপিনে ট্ৰেইনিঙ সম্পূৰ্ণ কৰাৰ পিছত মেডলিন প্ৰথম গৰাকী এয়াৰক্ৰাফ্ট চলোৱা মহিলা হিচাপে স্বীকৃতি লাভ কৰিছে ৷ আমেৰিকাত সততে উত্থাপন হৈ থকা বৰ্ণবৈষম্যবাদক নিঃশেষ কৰিবৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষই লৈছে এই পদক্ষেপ ৷ ইয়াৰ পূৰ্বে শুক্ৰবাৰে আমেৰিকাৰ নেভীয়ে এই বিষয়ে টুইট কৰিছিল ৷ কাৰণ মেডলিনে “উইং অফ গল্ড” খিতাপ অৰ্জন কৰিছিল ৷ চলিত বৰ্ষৰ ৩১ জুলাইত মেডলিনক এই সন্মান প্ৰদান কৰা হ’ব ৷