- গৃহস্থ ক’ভিড আক্ৰান্ত হোৱাৰ সুযোগতে চোৰৰ চাফাই অভিযান ।
- মালিগাঁৱৰ ৰেলৱে কৰ্মচাৰী দীপক দাসৰ কোৰ্ৱাটাৰত চোৰৰ লুটপাট ।
- ৪ জনীয়া পৰিয়ালৰ আটাইকেইজন ক’ভিড পজিটিভ হোৱাৰ বাবে ঘৰত তলা মাৰি চিকিৎসালয়ত ভৰ্তি হৈছিল ৷
- ৪ জুলাইৰ পৰা ঘৰত নাছিল ক’ভিড পজিটিভ হোৱা পৰিয়ালটোৰ সদস্যসকল।
- কালি হাস্পতালৰ পৰা দীপক দাস আৰু তেওঁৰ পুত্ৰ ক’ভিড মুক্ত হৈ ঘৰত প্ৰবেশ কৰাৰ পিছতে পোহৰলৈ আহে সমগ্ৰ ঘটনা ।
- পৰিয়ালৰ সন্দেহ ওচৰ-চুবুৰীয়া জড়িত আছে এই চুৰিকাৰ্যত।
- চোৰে লৈ যায় সোণৰ আ-অলংকাৰ, নগদ ধন, লেপটপ, কেমেৰা আদি ৷