গৰিলাৰ ক’ভিড-১৯ পৰীক্ষা

08c2477e affb 4937 ae47 789bb1bb791f

১৯৬ কিলোগ্ৰাম ওজনৰ এটা গৰিলা । ভ্ৰাতৃৰে হতাহতি কৰাৰ পাছত আঘাতপ্ৰাপ্ত হোৱা গৰিলাটোক ভৰ্তি কৰোৱা হয় হাস্পতালত । হাস্পতালত থকাৰ সময়তে ক’ভিড -১৯ পৰীক্ষা কৰা হয় গৰিলাটোৰ । এই ঘটনাটো যুক্তৰাষ্ট্ৰৰ মায়ামিৰ । গৰিলাটোৰ নাম চানগো । ছ’চিয়েল মিডিয়াত চানগোৰ এই ভিডিঅ’ ভাইৰেল হৈ পৰে । ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে বিছনাত শুই থকা চানগোক । চিকিৎসকে চানগোৰ শৰীৰ পৰীক্ষা কৰি গৈছে । লগতে ক’ভিড-১৯ পৰীক্ষাৰ বাবে মুখৰ পৰা সংগ্ৰহ কৰিছে লেলাউটি ।

কৰ’না মহামাৰীৰ সময়ত এনেদৰে ৰোগীৰ চিকিৎসা তথা নমুনা সংগ্ৰহ কৰাটো একেবাৰে স্বাভাৱিক ঘটনা । কিন্ত ভিডিঅ’টো চোৱা সকলে ৰোগীক লৈ হৈ পৰিছে আশ্চৰ্যচকিত । গৰিলাটো কৰ’না আক্ৰান্ত হয় নে নহয় সেই কথা জানিবলৈ চিকিৎসকসকলে মূৰৰ ঘাম মাটিত পেলাবলগীয়া হৈছে । কিয়নো ১৯৬ কিলোগ্ৰাম ওজনৰ গৰিলা এটা কিমান ভয়াবহ হৈ উঠিব পাৰে সেই কথাৰ নিশ্চিতভাৱে বুজাই কোৱাৰ প্ৰয়োজন নাই ।কিয়নো সামান্য কথাতে তীব্ৰ গর্জনেৰে চানগোৱে কঁপাই তুলিব পাৰে হাস্পতালখন ।

অৱশ্যে এনে বিপদৰ মাজতো চিকিৎসকসকলে সাহসিকতাৰে চানগোৰ এক্সৰে, আল্ট্ৰাছাউণ্ড, টিবিৰ পৰীক্ষা আদি সম্পন্ন কৰে । সৌভাগ্যক্ৰমে ক’ভিড-১৯ ৰ পৰীক্ষাৰ পাছত চানগোক নিগেটিভ ঘোষণা কৰা হয় । বৰ্তমান চানগোৰ পৰা দূৰত্ব অক্ষুন্ন ৰাখিবলৈ বাৰ্ণিক চিৰিয়াখানাৰ ভিতৰতে পিঞ্জৰাত আবদ্ধ কৰি ৰখা হৈছে । কিন্ত চানগোয়ে জানিবলৈ সক্ষম হোৱা নাই এই ঘটনাটোক লৈ সম্প্ৰতি ‘ভাৰ্চুৱেল’ জগতখন কিমান ব্যস্ত হৈ পৰিছে । চানগোৰ প্ৰতিখন ছবি যে আজি ছ’চিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে সেই বিষয়টো অজ্ঞ এই বৃহৎ গৰিলাটো ।

Exit mobile version