- কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ কাৰণে মহানগৰীত দিয়া হৈছে তলাবন্ধ।
- তলাবন্ধৰ সময়ত জনতাৰ কাৰণে কিছু পৰিমাণে নীতি-নিয়ম শিথিল কৰা হৈছে ৷
- নীতি-নিয়ম শিথিল কৰাৰ সুযোগ লৈছে একাংশই।
- কিন্তু এইসকলৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে মহানগৰ আৰক্ষীয়ে ।
- ৩০ জুনৰ পৰা আজিলৈকে তলাবন্ধ ভংগৰ অপৰাধত ১৬৯ জন লোকক গ্ৰেপ্তাৰ কৰিছে ৷
- গোচৰ ৰজু হৈছে ৫৩ টা ৷
- আজিৰ দিনটোতে মাস্ক পৰিধান নকৰাৰ অপৰাধত জৰিমনা সংগ্ৰহ কৰে ১০,৫০০ টকা । আনহাতে মাস্ক পৰিধান নকৰাৰ কাৰণে জৰিমনা সংগ্ৰহ কৰিছে ১,৫১,০০০ টকা।
প্ৰতি দিনে বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ
