দেশত বিগত ২৪ ঘন্টাত কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যাই গঢ়িলে অভিলেখ

Coronavirus 1

ভাৰতত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৷ দেশত বিগত ২৪ ঘন্টাত ২৯,৪২৯ জনৰ শৰীৰত কৰ’না ভাইৰাছৰ লক্ষণ ধৰা পৰিছে ৷ সম্প্ৰতি দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৯.৩৬ লৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ অনুসৰি মাত্ৰ এটা দিনতে ভয়াৱহভাবে ২৯০০০ লোক কৰ’নাত আক্ৰান্ত হৈছে। ইপিনে বিগত ২৪ ঘন্টাত মৃত্যু হৈছে ৫৮২ জন লোক৷ ইয়াৰ লগে লগে কৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যাই ৩০ হাজাৰলৈ যোৱাৰ উপক্ৰম হৈছে ।

আনহাতে প্ৰায় ৬ লাখ লোক কৰ’নাত আক্ৰান্ত হৈ সুস্থ হৈ উঠিছে ৷ তলত বিগত ২৪ ঘন্টাত দেশৰ কৰ’নাত আক্ৰান্ত হোৱা পাঁচখন ৰাজ্যৰ তালিকা দিয়া হ’ল মহাৰাষ্ট্ৰ(৬,৭৪১), তামিলনাডু(৪,৫২৬), কৰ্ণাটক(২,৪৯৬), অন্ধ্ৰপ্ৰদেশ(১,৯১৬), দিল্লী(১,৬০৬)  ৷ আনহাতে, এই পাঁচখন ৰাজ্যৰ কৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যা হ’ল মহাৰাষ্ট্ৰ(২১৩), কৰ্ণাটক(৮৫),তামিলনাডু(৬৭), অন্ধ্ৰপ্ৰদেশ(৪৩) আৰু দিল্লীত (৩৫) ৷

উল্লেখযোগ্য যে গৃহ মন্ত্ৰণালয়ৰ অনুসৰি বিভিন্ন ৰাজ্যত ৩১.৫৮ লাখ লোক হোম কোৱাৰেন্টাইনত ৰখা হৈছে । আনহাতে উত্তৰ প্ৰদেশ, ত্ৰিপুৰা, বিহাৰত তলাবন্ধৰ ঘোষণাৰে কৰ’না ভাইৰাছ শিকলি ডাল চিঙিবলৈ চেষ্টা কৰা হৈছে । আনহাতে বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে কৰ’না ভাইৰাছৰ ভয়াৱহতাৰ কথা সদৰী কৰিছে । লগতে হুৰ প্ৰধান সঞ্চালক অধানম টেড্ৰ’ছে কয় যে পৰিস্থিতি যদি এতিয়াই নিয়ন্ত্ৰণ নকৰে তেন্তে অনাগত দিনত ই ভয়াৱহ হৈ উঠিব ৷

Exit mobile version