পলকতে চাওঁ আহক আজিৰ দিনটোৰ সৰু সৰু খবৰ

WhatsApp Image 2020 07 15 at 6.13.23 PM

১. ভাৰতত প্ৰতি মূৰ্হুততে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ৷ দেশত বিগত ২৪ ঘন্টাত ২৯,৪২৯ জন লোক আক্ৰান্ত হৈছে কৰ’নাত ৷ মৃত্যু হৈছে ৫৮২ জন । উল্লেখ্য যে বিগত প্ৰায় এসপ্তাহ ধৰি দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে ২৫ হেজাৰৰ আক্ৰান্ত হৈছে ৷ আনহাতে, ভাৰতত কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱা লোকৰ সংখ্যা হৈছেগৈ ২৪,৩০৯ জন ।

২. মই বিজেপিত যোগদান নকৰো ৷ এই মন্তব্য কৰিলে শচীন পাইলটে ৷ ইফালে পাইলটে বিজেপিত যোগদান কৰিব বুলি চৰ্চা হৈছিল ৷ উল্লেখযোগ্য যে ৰাজস্থানৰ উপ মুখ্যমন্ত্ৰীৰ লগতে প্ৰদেশ কংগ্ৰেছৰ দায়িত্বৰ পৰাও আঁতৰোৱা হৈছে শচীন পাইলটক ৷

৩. দেশৰ CRPF, ITBP, BSF আৰু CISF ত কৰ্মৰত সকলো জোৱানক কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে শেহতীয়াকৈ ফেচবুক ত্যাগ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে ৷ লগতে মন্ত্ৰণালয়ে প্ৰাক্তন সেনাসকলকো অচিৰেই ফেচবুক ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে।

৫. কৰ’না ভাইৰাছৰ মাজতে ৰাজ্যত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ মংগলবাৰৰ দিনটোতে বানত ৯ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে ৷ সম্প্ৰতি ৰাজ্যত প্ৰায় ৩৩ লাখৰো অধিক লোক বানৰ কবলত পৰিছে ৷ এই কথা সদৰী কৰিছে ৰাজ্য চৰকাৰে ৷

৬. ধোনীয়ে ভাৰতীয় ক্ৰিকেটক আগুৱাই লৈ গৈছে আৰু এই যাত্ৰাৰ আৰম্ভণি কৰিছিল সৌৰভ গাংগুলীয়ে। এইদৰে প্ৰশংসাৰে ওপচাই পেলালে শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ কুমাৰ চাংগাকাৰায় । লগতে চাংগাকাৰায় কয় সৌৰভ গাংগুলী আৰু মহেন্দ্ৰ সিং ধোনী ভাল ক্ৰিকেটাৰ হোৱাৰ উপৰিও ভাল মানুহ ৷

৭. বায়ুমণ্ডলত প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰিবৰ কাৰণে জনি ৱাকাৰ নামৰ প্ৰসিদ্ধ হুইচকি উপলব্ধ হ’ব কাগজৰ বটলত । গতিকে ২০২১ বৰ্ষৰ পৰা হ’ব লগা এই কামটোৰ কাৰণে জনি ৱাকাৰ কোম্পানীটো পাইলট লাইটৰ লগত চুক্তি বদ্ধ হৈছে ।

Exit mobile version