- সৰু পৰ্দাৰ ধাৰাবাহিক কচোটি জিন্দেগী কীৰ অভিনেতা পাৰ্থ চমথানৰ কৰ’না পজিটিভ হোৱাৰ পিছতে সহঅভিনেত্ৰী এৰিকা ফৰ্ণাণ্ডেজৰ কৰ’নাৰ ফলাফল নিগেটিভ আহে । আনহাতে একেখন ধাৰাবাহিকৰ অভিনেত্ৰী আমনা শ্বৰীফৰ ষ্টাফৰ কৰ’না ফলাফল নিগেটিভ আহে।
- বলীউডৰ অভিনেতা অনুপম খেৰে মাতৃৰ লগত এটি ভিডিঅ’ শ্বেয়াৰ কৰি লিখে যে পিতৃ-মাতৃক কেতিয়াও অৱজ্ঞা নকৰিবা ৷ লগতে অভিনেতা গৰাকীৰ মাতৃয়ে কৰ’নাত আক্ৰান্ত হোৱাৰ কথা নাজানে বুলিও সদৰী কৰে ৷
- নিপ’টিজমৰ মাজতে অমিত সাধে কয় যে মই টেলিভিছন এৰা নাছিলো ৷ মোক এৰিবলৈ বাধ্য কৰাইছে ৷ লগতে মোক কাম নিদিবলৈও আহ্বান কৰিছিল একাংশই ।
- ইতিমধ্যে সমালোচনাৰ সন্মুখীন হোৱা সুশান্ত সিং ৰাজপুতৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীৰ বিষয়ে সপনা ভবনানীয়ে কয় “তেওঁ দুখত আছে । অনুগ্ৰহ কৰি তেওঁক সমালোচনা নকৰিব।”
- সৰু পৰ্দাৰ আন এগৰাকী অভিনেত্ৰী শ্ৰেনু পাৰেখৰ পোৱা গৈছে কৰ’না পজিটিভ ৷ উল্লেখযোগ্য যে শ্ৰেনুৱে” ইশকবাজ” ধাৰাবাহিকৰ জৰিয়তে যথেষ্ট সফলতা লাভ কৰিছিল ।
- মানৱ কম্পিউটাৰ শকুন্তলা দেৱী ছবিৰ ট্ৰেইলৰ মুক্তি লাভ কৰিছে ৷ ছবিখনত লৈ আশাবাদী কলাকুশলী সকল ৷
- সৰু পৰ্দাৰ বিতৰ্কিত শ্ব’ বিগ বছৰ আঁত ধৰিব ছলমান খানে ৷নিয়া শৰ্মা,অধ্যয়ন সুমনলৈ আহিছে বিগ বছত অংশগ্ৰহণৰ প্ৰস্তাৱ ৷
- “জিন্দেগী না মিলেগী দোবাৰা” ছবিয়ে সম্পূৰ্ণ কৰিলে ৯ বছৰ ৷ সেয়হে ছবিখনৰ সকলো কলাকুশলীয়ে সুঁৱৰিলে ছবিখনৰ লগত জৰিত সকলো স্মৃতি ।
ADVERTISEMENT