পি পি ই পৰিধান কৰিয়ে প্ৰতিবাদত অংশ ল’লে ষ্টাফ নাৰ্ছে

WhatsApp Image 2020 07 16 at 12.13.01 PM

কৰ’নাৰ ভয়াৱহতাৰ মাজতে পুনৰ আন্দোলনত নামিল সদৌ অসম নাৰ্ছ সন্থা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসা মহাবিদ্যালয় আৰু ৰাজহুৱা খণ্ডৰ চিকিৎসালয়ত কৰ্মৰত ষ্টাফ নাৰ্চসকলক নিঃশেষ কৰাৰ বাবে ৰাজ্য চৰকাৰে বিভাজনৰ ৰাজনীতি আৰম্ভ কৰা বুলি অভিযোগ তুলি ইয়াক পৰিহাৰ কৰাকে ধৰি পাঁচদফীয়া দাবীৰ সমৰ্থনত ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে নাৰ্ছসকলে ৷ আগন্তুক তিনিদিনৰ ভিতৰত ষ্টাষ নাৰ্ছসকলৰ সমস্যাসমূহ পূৰণ নকৰিলে অনাগত দিনত অসহযোগ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিব বুলি সকিয়াই দিয়ে সন্থাৰ নেতৃত্বই ৷

এই সন্দৰ্ভত সদৌ অসম নাৰ্ছ সন্থাৰ সাধাৰণ সম্পাদিকা জুনু চুতীয়াই কয় যে বছৰৰ পাছত বছৰ ধৰি নাৰ্ছৰ চাকৰি সেৱা বিধি অনুসৰি ৰাজ্য চৰকাৰে বিভিন্ন চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু অন্যান্য চিকিৎসালয়ত ষ্টাৰ্ফ নাৰ্ছ হিচাপে জি এন এম আৰু বি এছ চি নাৰ্চকে নিযুক্তি প্ৰদান কৰি আহিছে ৷ ইপিনে সপ্তম দৰমহা আয়োগে বিএছ চি নাৰ্ছসকলক গ্ৰেড প্ৰে ৮,৭০০ টকা প্ৰদান কৰাৰ বিপৰীতে জি এন এম নাৰ্ছৰ গ্ৰেড পে ৬,৮০০ টকাতে সীমাবদ্ধ ৰাখে । অথচ ষ্টাফ নাৰ্ছ হিচাপে নিযুক্তি লাভ কৰা প্ৰতিগৰাকী নাৰ্ছৰ কাম একেই ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ক’ভিড-১৯ হাস্পতালত আৰু ক’ভিড কেয়াৰ কেন্দ্ৰত কৰ্মৰত নাৰ্ছসকলেও অনুৰূপ ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ বুধবাৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদ অন্ত পৰিব ১৭ জুলাইত ৷ ইয়াৰ পাছতো যদি চৰকাৰে কোনো ব্যৱস্থা নকৰে তেন্তে অসহযোগৰ দৰে কাৰ্যসূচী গ্ৰহণৰ বাবেও সন্থাই বাধ্য হৈ পৰিব বুলি জনায় দিহিঙীয়াই ৷

Exit mobile version