ভাৰতীয় সেনাই চীনৰ ওপৰত ৰাখিব তীক্ষ্ণ দৃষ্টি

Army PTI12

ভাৰত চীন সীমান্ত বিবাদৰ মাজতে ভাৰতীয় সেনাৰ এক বিশেষ সূত্ৰৰ মতে দুয়োখন দেশেই সম্পূৰ্ণ ৰূপে সেনা আঁতৰোৱাৰ সন্দৰ্ভত একমত হৈছে । কিন্তু চীনৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব ৷ এই সমগ্ৰ বিষয়টো সম্প্ৰতি অধিক জটিল হৈ পৰিছে আৰু একেৰাহে হোৱা সেনাৰ বিভিন্ন উচ্চ স্তৰীয় বৈঠকৰ জৰিয়তে আলোচনা আগবঢ়াই লৈ যোৱা হৈছে ৷ এক বিশেষ সূত্ৰই দাবী কৰা অনুসৰি চীনে সম্পূৰ্ণৰূপে নিজৰ স্থিতি সলনি কৰিবলৈ সহমতি জনোৱা নাই ।

আনহাতে শুক্ৰবাৰে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং আৰু মনোজ মুকুন্দ নৰবৰ্ণ লাডাখৰ পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ যাব ৷ লাডাখত প্ৰতিৰক্ষা মন্ত্ৰীয়ে দেশৰ সুৰক্ষা সন্দৰ্ভত পৰ্যালোচনা কৰিব ৷ আৰু সেনা উচ্চ পদস্থ বিষয়াসকলৰ লগতো আলোচনাত মিলিত হ’ব । উল্লেখযোগ্য যে ভাৰত চীন সীমান্ত সংঘৰ্ষত প্ৰায় ২০ জন ভাৰতীয় সেনাই শ্বহীদ হৈছিল ৷ ইয়াৰ পিছৰে পৰা দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাই আছে ৷

Exit mobile version