ব্ৰহ্মপুত্ৰৰ বাঢ়নীপানীয়ে বুৰালে মহানগৰীৰ পানীখাইতিৰ বিস্তীৰ্ণ অঞ্চল । সাগৰসদৃশ বানৰ প্ৰকোপত ত্ৰাহি মধুসুদন সুৱৰিব লগা হৈছে বৃহত্তৰ অঞ্চল বাসীয়ে । কি পথাৰ কি পথ একো চিন নোহোৱা হৈ পৰিছে অঞ্চলটোত । নৈ পৰীয়া অঞ্চলটোৰ অঞ্চলবাসীয়ে কলৰ ভুৰত অহা-যোৱা কৰিব লগা হৈছে । চৰকাৰৰ পৰা কোনো সাহাৰ্য্য সম্প্ৰতি অঞ্চলবাসীয়ে লাভ কৰা নাই বুলি সাংবাদিকক অৱগত কৰে । বহু মহিলাই কলৰ ভুৰত কোলাৰ কেচুৱা লৈ পানী অনাকে ধৰি যাৱতীয় কামকাজ কৰিব লগা হৈছে ।
ইফালে তলাবন্ধ কাৰ্যসূচীৰ বাবে তীব্ৰ খাদ্য সংকটে দেখা দিছে অঞ্চলবাসীৰ মাজত । অকল পানীখাইতিয়েই নহয় বৃহত্তৰ দিছপুৰ সমষ্টিৰ প্ৰায় বহু গাঁও জলমগ্ন হৈ পৰিছে । একোডাল প্ৰকাণ্ড গছৰ আধালৈকে পানীয়ে বুৰাই পেলাইছে । ঘৰচীয়া জীৱজন্তৰ আলাই আথানিৰ সীমা নোহোৱা হৈ পৰিছে । একোখন ঘৰ প্ৰায় তল যোৱাৰ উপক্ৰম হৈছে বৃহত্তৰ অঞ্চলটোৰ একাংশ বাসিন্দাৰ । তৎস্বত্বেও যেন নিদ্ৰাত মগন জনপ্ৰতিনিধি । আনহাতে নুনমাটিৰ চূনচালি অঞ্চলো সম্প্ৰতি বানৰ কবলত । বানৰ সমানে ভূমিস্খলনেও জুৰুলা কৰিছে মহানগৰবাসীক । ইফালে মহামাৰী কৰ’নাৰ বিভিষিকাইয়ো তচনচ কৰিছে মহানগৰবাসীৰ জীৱন।