- দেশত প্ৰতিটো মুহুততে বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ সংখ্যা ৷ বিগত ২৪ ঘন্টাত ভাৰতত ৩২,৬৯৬ জন লোক কৰ’নাত আক্ৰান্ত হৈছে ৷ মৃত্যু হৈছে ২৪,৯১৫ জন লোক ৷ ইয়াৰ লগে লগে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ৯,৬৪,৮৭৬ জনলৈ বৃদ্ধি পাইছে ৷ আনহাতে জন হপকিন্স বিশ্ববিদ্যালয়ৰ মতে , সমগ্ৰ বিশ্বত কৰ’নাত আক্ৰান্ত হৈছে ১৩,৫১২,৬৯২ জন লোক। কৰ’নাই ধৰাশায়ী কৰিছে আমেৰিকা, ভাৰত, ব্ৰাজিল, ৰাছিয়া, পেৰুৰ দৰে দেশবোৰ ।
- এইবাৰ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী ঘৰ পালেগৈ কৰ’না ৷ সৌৰভ গাংগুলীৰ জ্যেষ্ঠ ভাতৃ স্নেহাশীষ গাংগুলী আক্ৰান্ত হৈছে কৰ’না ভাইৰাছত। স্নেহাশীষ চিকিৎসালয়ত থকাৰ বিপৰীতে সৌৰভ গাংগুলী হোম কোৱাৰেন্টাইনত আছে বুলি জানিব পৰা গৈছে ৷
- কৰ’না মহামাৰীৰ মাজতে মাস্ক, পি পি ই কিট, বিশুদ্ধ খোৱা পানী দাবী কৰাৰ অপৰাধত দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ পৰা ৮৪ গৰাকী নাৰ্ছক বখাস্ত কৰে । এই কথাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সচেতন মহলত ।
- পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী এক বিশেষ সিদ্ধান্ত ৷ ক’ভিড-১৯ৰ যুঁজত নিয়োজিত যোদ্ধাসকলৰ মৃত্যু হ’লে পৰিয়ালে লাভ কৰিব কৰ্মসংস্থান । বুধবাৰে এখন সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । লগতে ৰাজ্য চৰকাৰে ক’ভিড১৯ৰ যোদ্ধাসকলক সন্মান দিব বুলিও সদৰী কৰে বেনাৰ্জীয়ে।
- কৰ’না ভাইৰাছৰ ভয়াৱহতাৰ মাজতে কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰণালয়ে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক উচ্চ শিক্ষাকে ধৰি বিশ্ববিদ্যালয় পৰ্যায়ৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে । এই নিৰ্দেশনাৰ আধাৰত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নতুন নামভৰ্তি আৰু পৰীক্ষা অনুষ্ঠিত কৰিবলৈ প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ কৰিছে ৷
ADVERTISEMENT