অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰকঃ প্ৰধানমন্ত্ৰীলৈ এবছুৰ স্মাৰক পত্ৰ প্ৰেৰণ

IMG 20200717 WA0021

বছৰ বছৰ ধৰি বাৰিষা কালত বানে অসমত সৃষ্টি কৰি অহা ভয়াৱহ সমস্যাসমূহৰ ক্ষেত্ৰত সৰৱ হৈ উঠিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু । এবছুৰ কেন্দ্ৰীয় নেতৃবৃন্দই সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি দুৰ্গত ৰাইজৰ বুজ লোৱাৰ লগতে নিজাববীয়াকৈ সাহায্য সামগ্ৰীও বিতৰণ কৰিছে । আজি এবছুৰ কেন্দ্ৰীয় সভাপতি দিপেন বড়োৰ নেতৃত্বত এটি সজাতি দলে চিৰাং জিলাৰ উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ তেওঁলোকৰ বান সম্পৰ্কীয় বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

স্মাৰক পত্ৰ প্ৰদান কৰাৰ পাছতে এবছুৰ সভাপতি দিপেন বড়োৱে সাংবাদিকক সম্বোধন কৰি তেওঁলোকৰ দাবীসমূহৰ বিষয়ে জানিবলৈ দিয়ে । সভাপতিগৰাকীয় আমফানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগলৈ আহি ক্ষতিগ্ৰস্ত ৰাইজৰ বুজ লোৱাৰ দৰে আকাশ মাৰ্গৰে অসমৰ বানবিধস্ত অঞ্চল পৰিভ্ৰমণ কৰি বানপীড়িত ৰাইজৰ অৱস্থাৰ বুজ ল’বলৈ আহ্বান জনায় । অসমৰ দীৰ্ঘদিনীয়া বানপানী সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে ইয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ সভাপতি দিপেন বড়োৱে দাবী উত্থাপন কৰে।

ইপিনে সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত লোকক পুনৰ সংস্থাপন আৰু সাহায্য প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা দহ হাজাৰ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰিবলৈ দাবী জনায়।নদীসমূহে সৃষ্টি কৰা গৰাখহনীয়া ৰোধ কৰা আৰু মথাউৰি পুনৰ্নিমাণৰ বাবে বিশেষ পেকেজ ঘোষণা কৰিবলৈও এবছুৱে প্ৰধানমন্ত্ৰীৰ ওচৰত দাবী জনায় । এবছুৰ সভাপতিগৰাকীয়ে বিশেষকৈ বি টি আৰ অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰি অহা আই, বেকী, মানাহ, পুঠিমাৰী, পাগলাদিয়া কুলসী আদি নৈবোৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ ল’বলৈ দাবী জনায় ।

আনহাতে বৰ্তমানে বি টি আৰৰ শাসনত থকা অসমৰ ৰাজ্যপাল আৰু অসমৰ মুখ্যমন্ত্ৰীকো নামনি অসমৰ বিভিন্ন বানবিধস্ত অঞ্চল পৰিভ্ৰমণ কৰি ক্ষয়ক্ষতিৰ বুজ ল’বলৈ অনুৰোধ জনায় । এবছুৰ সজাতি দলত কেন্দ্ৰীয় সভাপতি দিপেন বড়োৰ লগতে সহকাৰী সাধাৰণ সম্পাদক খৌৰৌমদাও ঔৱাৰী , চিৰাং জিলা এবছুৰ সভাপতি খনীন বসুমতাৰী উপস্থিত আছিল।

Exit mobile version