চিবিআইৰ তদন্ত বিচাৰি গৃহমন্ত্ৰীলৈ আবেদন ৰিয়া চক্ৰৱৰ্তীৰ

235 r0

বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছত গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীয়ে সুশান্তৰ আত্মহত্যাৰ চিবিআইৰ তদন্ত বিচাৰিছে । ৰিয়াই গৃহমন্ত্ৰী অমিত শ্বাহলৈ টুইটাৰ যোগে সুশান্তৰ আত্মহত্যাৰ তদন্ত চিবিআইৰ দ্বাৰা কৰাবলৈ আহ্বান কৰিছে ৷ লগতে টুইটাৰত ৰিয়াই নিজকে সুশান্ত সিং ৰাজপুতৰ গাৰ্লফ্ৰেণ্ড হিচাপে পৰিচয় দিছে ৷

ইফালে অন্য এক সূত্ৰৰ মতে আৰক্ষীয়ে ৰিয়াৰ বেংক বেলেন্সৰ ওপৰত চকু ৰাখিছে ৷ পুলিচৰ তদন্ত অনুসৰি ৰিয়াই সুশান্তৰ একাউণ্টৰ পৰাই ব্যয় কৰিছিল । সম্প্ৰতি আৰক্ষীয়ে ৰিয়াই সুশান্তৰ একাউণ্টৰ পৰা কিমান টকা খৰচ কৰিলে সেই সম্পৰ্কে তদন্ত কৰি আছে । এই সন্দৰ্ভত সুশান্তৰ ভগ্নীক সোধ পোচৰ কাৰণেও আৰক্ষীয়ে মাতিব পাৰে ৷ উল্লেখযোগ্য যে আৰক্ষীয়ে বিশেষকৈ ৰিয়াৰ লগত সুশান্তৰ কেনেধৰণৰ সম্পৰ্ক আছিল সেয়া জানিব বিচাৰিছে ।

Exit mobile version