বানৰ প্ৰলয়ে সপোন কাঢ়ি নিলে শতাধিক মৎস্যপালকৰ

IMG 20200717 155923

ৰাজ্যত এটা পষেকৰ ভিতৰতে হোৱা দুটাকৈ উপৰ্যুপৰি বানৰ প্ৰলয়ত ক্ষতিৰ সন্মূখীন হৈছে সৰ্বস্তৰৰ লোক। বৰষুণ আৰু বানে ৰাজ্যৰ লগতে কামৰূপ জিলাৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত শতাধিক কৃষকৰ সপোন ধুই নিয়াৰ সমান্তৰালকৈ অঞ্চলটোৰ মৎস্যপালক সকলৰো সপোন কাঢ়ি নিলে প্ৰলয়ংকাৰী বানে । ৰাজ্যৰ অৰ্থৰ ভৰাঁলত বছৰি বৃহৎ অৰিহনা যোগাই অহা মৎস্য ব্যৱসায়ীসকলে মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । অতি লাভজনক মৎস্যপালনৰ এই ব্যৱসায়ত শেহতীয়াকৈ বহু শিক্ষিত যুৱকসকলেও জড়িত হৈ পৰিছিল যদিও উপৰ্যুপৰি বানৰ প্ৰলয়ত এনে মৎস্যপালকৰ লগতে ব্যৱসায়টোত জড়িত সকলে বৃহৎ ক্ষতিৰ সন্মূখীন হৈছে।

উপৰ্যুপৰি বানে নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত নগৰবেৰা, জামলাই, বিদ্যানগৰ, নাইটৰ, কল্যাণপুৰ, পলাহৰটাৰী, খামেৰী, হেকৰা, মালিবাৰী, আদিকে ধৰি বিভিন্ন অঞ্চলত থকা বৃহৎ পুখুৰীসমুহৰ অধিকাংশই বানত ডুব যোৱাত পুখুৰীসমুহত থকা লাখ লাখ টকাৰ মাছ নিৰাপদে ওলাই যায়। প্ৰতিজন এনে মৎস্যপালকে নিজৰ নিজৰ পুখুৰী প্লাষ্টিকৰ জালেৰে বেৰ দি মাছ ৰখাবলৈ চেষ্টা কৰে যদিও এই চেষ্টাই কোনো ফল দিয়া পৰিলক্ষিত হোৱা নাই । চকুৰ সন্মুখতে পুখুৰীসমুহত থকা মাছ জাকে জাকে ওলাই যোৱাত এতিয়া দিকবিদিক হেৰুৱাই পেলাইছে ব্যৱসায়টোত জড়িতসকলে। চৰকাৰী আৰু বেচৰকাৰী বেংকৰ পৰা বহু মৎস্যপালকে ঋণ লোৱাৰ উপৰিও একাংশই মহাজনৰ সূতৰ টকাৰে কৰা ব্যৱসায় আজি সম্পূৰ্ণৰূপে বানে ধুই নিয়াত চকুৰে বাট নেদেখা হৈছে মৎস্যপালক সকলে।

একেই অৱস্থা হৈছে দক্ষিণ বৰপেটাৰ মৎস্যপালক সকলৰ ক্ষেত্ৰতো । অঞ্চলটোৰ আলোপতি, মাজৰচৰ, কালাইৰদিয়া, বাঘমাৰাচৰ, ভাতনাপাইতি, উজীৰৰচৰ খোলাবান্ধা, মহচৰা, কাছুমাৰা, আণ্ডাভাংগাকে ধৰি বিভিন্ন ঠাইত পুখুৰীৰ লগতে খাল সমূহৰ পাৰ বান্ধি ব্যাপক হাৰত মৎস্যপালন কৰা হয় যদিও উল্লেখিত অঞ্চলৰ প্ৰতিজন মৎসপালকে আজি হাহাঁকাৰ কৰিছে । আৰ্থিক দিশত বৃহৎ লোকচানৰ সন্মুখীন হোৱা মৎস্যপালক সকলক উপযুক্ত ক্ষতিপূৰণ আদায় দিয়াৰ দাবী জনাইছে ভুক্তভোগী সকলে।

Exit mobile version