সুশান্তৰ আত্মহত্যাৰ তদন্ত চিবিআইৰ দ্বাৰা কৰোৱাৰ প্ৰয়োজন নাইঃ গৃহমন্ত্ৰী

aa Cover abd4j99v0v1afroolh2ooljpj7 20200418170846

সুশান্ত সিং ৰাজপুতক আত্মহত্যাক লৈ তদন্ত নহয় চিবিআইৰ ৷ বিগত এমাহ ধৰি সুশান্তৰ অনুৰাগীসকলে কৰি অহা এই দাবী নসাৎ কৰিছে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে ৷ দেশমুখে সুশান্তৰ মৃত্যুৰ ক্ষেত্ৰত চিবিআইৰ তদন্তৰ দাবী খাৰিজ কৰিছে ৷ ইপিনে বৃহস্পতিবাৰে বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছত গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীয়ে সুশান্তৰ আত্মহত্যাৰ চিবিআইৰ তদন্ত বিচাৰি টুইটাৰত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । ৰিয়াই গৃহমন্ত্ৰী অমিত শ্বাহলৈ টুইটাৰ যোগে সুশান্তৰ আত্মহত্যাৰ তদন্ত চিবিআইৰ দ্বাৰা কৰাবলৈ আহ্বান কৰিছে ৷ লগতে টুইটাৰত ৰিয়াই নিজকে সুশান্ত সিং ৰাজপুতৰ গাৰ্লফ্ৰেণ্ড হিচাপে পৰিচয় দিছে ৷

ইফালে অন্য এক সূত্ৰৰ মতে আৰক্ষীয়ে ৰিয়াৰ বেংক বেলেন্সৰ ওপৰত চকু ৰাখিছে ৷ পুলিচৰ তদন্ত অনুসৰি ৰিয়াই সুশান্তৰ একাউণ্টৰ পৰাই ব্যয় কৰিছিল । সম্প্ৰতি আৰক্ষীয়ে ৰিয়াই সুশান্তৰ একাউণ্টৰ পৰা কিমান টকা খৰচ কৰিলে সেই সম্পৰ্কে তদন্ত কৰি আছে । এই সন্দৰ্ভত সুশান্তৰ ভগ্নীক সোধ পোচৰ কাৰণেও আৰক্ষীয়ে মাতিব পাৰে ৷ উল্লেখযোগ্য যে আৰক্ষীয়ে বিশেষকৈ ৰিয়াৰ লগত সুশান্তৰ কেনেধৰণৰ সম্পৰ্ক আছিল সেয়া জানিব বিচাৰিছে । অৱশ্যে গৃহমন্ত্ৰী অনিল দেশমুখে সুশান্তৰ আত্মহত্যাৰ তদন্ত চিবিআইৰ দ্বাৰা কৰোৱাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে।

Exit mobile version