কৰ’নাৰ ভয়াৱহতাঃ ২০ আগষ্টত ৬৫ হেজাৰ হ’ব কৰ’নাত আক্ৰান্ত

Himanta Biswa Sarma

অহা ২০ আগষ্টৰ ভিতৰত অসমত কৰ’না ৰোগীৰ সংখ্যা বৃদ্ধি পাব ৬৫ হেজাৰলৈ । কেৱল গুৱাহাটীতে এনে ৰোগীৰ সংখ্যা হ’বগৈ ৩২ হেজাৰ ৷ ভাৰত চৰকাৰে এখন পত্ৰযোগে আমাক এই কথা জনাইছে। নগাঁৱত এই মন্তব্য কৰিলে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত শৰ্মাই ৷ এক সংবাদমেলত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্যত আগন্তুক দিনত ক’ভিড১৯ পৰিস্থিতিৰ সন্দৰ্ভত কেন্দ্ৰই এখন পত্ৰ প্ৰেৰণ কৰিছে ৷ উক্ত পত্ৰ ২০ আগষ্টৰ ভিতৰত নগাঁও জিলাতে আক্ৰান্তৰ সংখ্যা প্ৰায় ২৪ শ হ’বগৈ বুলি ধাৰণা কৰা হৈছে । নগাঁৱত ক’ভিড পৰিস্থিতিৰ বুজ লোৱাৰ পিছত এক বৈঠকত মিলিত হোৱাৰ পিছত আয়োজিত এক সংবাদমেলত স্বাস্থ্যমন্ত্ৰীয়ে লগতে কয় যে গুৱাহাটীৰ পাছতে নগাঁও, গোলাঘাট, যোৰহাট, ডিব্ৰুগড় আৰু শিলচৰ জিলাৰ সদৰ চহৰসমূহত ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাব বুলি কেন্দ্ৰই প্ৰেৰণ কৰা পত্ৰখনত উল্লেখ কৰা হৈছে ।

ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ সেই জটিল পৰিস্থিতিৰ কি দৰে মোকাবিলা কৰিব পাৰি সেই বিষয়ে আলোচনা কৰাৰ বাবে নগাঁৱলৈ অহা বুলিও মন্ত্ৰীজনে জানিবলৈ দিয়ে ৷ আনহাতে নগাঁৱৰ বৈঠকত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, বিধায়কদ্বয় ৰূপক শৰ্মা, ডিম্বেশ্বৰ দাস তথা নগাঁৱৰ উপায়ুক্ত যাদৱ শইকীয়া উপস্থিত থাকে ৷ ইয়াৰ পাচতে আয়োজিত সংবাদমেলত স্বাস্থ্যমন্ত্ৰী ৰাজ্যত কৰ’নাৰ ভয়াৱহতাৰ কথা উল্লেখ কৰি কয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বৰ্তমানেও চাৰিশতকৈও অধিক জটিল কৰ’না ৰোগী চিকিৎসাধীন হৈ আছে ৷ দিল্লী, মুম্বাইত ৰোগটো যিদৰে জটিল দেখা গৈছিল, অসমতো ৰোগীৰ জটিল ৰূপটো প্ৰকট হ’বলৈ ধৰিছে। যোৰহাট, ডিব্ৰুগড় সকলোতে এতিয়া আই চি ইউত ৰোগী আছে ৷ তথাপি ভগৱানৰ কৃপাত অসমত এই ৰোগীৰ মৃত্যুৰ হাৰ বহুত কম। চিকিৎসাই সহাঁৰি দিছে ৷মৃত্যুৰ হাৰ বেছি বৃদ্ধি নহ’ব। নগাঁও জিলাত সম্প্ৰতি জাপানী এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে ৷

এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীয়ে কয় “নগাঁৱত জাপানী এনকেফেলাইটিছত আক্ৰান্ত ন গৰাকী লোকক চিনাক্ত কৰা হৈছে ৷ ইয়াৰ ভিতৰত আগতে ভেকচিন লোৱা দুই এজন লোকো আছে ৷ এই ৰোগীসকলৰ চিকিৎসাই সহাঁৰি দিছে ৷ তেওঁলোক সুস্থ হৈ উঠিছে ৷” প্ৰসংগক্ৰমে স্বাস্থ্যমন্ত্ৰীজনে কয় যে সম্প্ৰতি নিৰ্মীয়মাণ অৱস্থাত থকা নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ কাম ২০২১ ৰ শেষৰফালে সম্পূৰ্ণ হৈ উঠিব ৷

Exit mobile version