ভাৰতত কৰ’না ভেকচিনৰ প্ৰথম পৰীক্ষা

swarajya 2020 07 92c7fb0f 2142 423d a4eb

দেশত প্ৰথমবাৰৰ কাৰণে মানৱ দেহৰ ওপৰত কৰ’না ভেকচিনৰ সফল পৰীক্ষণ কৰিবলৈ সকলোবোৰ যাৱতীয় ব্যৱস্থা কৰা হৈছে ৷ প্ৰথম পৰীক্ষণতে ৩৭৫ জন লোকৰ শৰীৰত কৰা হৈছে কৰ’না ভাইৰাছৰ ভেকচিন Covaxin ৰ ব্যৱহাৰ । ১৫ জুলাইৰ পৰা দেশৰ ১২ খন চিকিৎসালয়ত কৰা হৈছে Covaxin ৰ পৰীক্ষা ৷ এই পৰীক্ষাত কিছুমান কৰ’না ৰোগীৰ শৰীৰত Covaxin দিয়া হ’ব ৷ আৰু অন্য একাংশক সাধাৰণ ঔষধ দিয়া হ’ব ৷ ইয়াৰ পিছত ৰোগীৰ ৰোগ সুস্থ হোৱাৰ পৰিসংখ্যা চোৱা হ’ব ৷ এনেকৈয়ে Covaxin ৰ সফল পৰীক্ষণ কৰা হ’ব বুলি আশাবাদী বিশেষজ্ঞসকল ৷

ইফালে Covaxin ৰ সফল পৰীক্ষণ কৰিবলৈ লাগিব প্ৰায় ১মাহ । পৰীক্ষাৰ পিছত অহা প্ৰতিবেদন ড্ৰাগ কন্ট্ৰ’লাৰ অফ ইণ্ডিয়াক দিয়া হ’ব ৷ ইয়াৰ পিছত প্ৰতিবেদনৰ পৰিসংখ্যা চাই দ্বিতীয়বাৰৰ কাৰণে Covaxin ব্যৱহাৰত মঞ্জুৰী পাব । এই সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনে কয় “ভাৰতত কৰ’না ভাইৰাছৰ ভেকচিনৰ মানৱ শৰীৰত কৰা পৰীক্ষাক লৈ আমি আশাবাদী ৷ বিগত মাহত একেৰাহে ভেকচিনৰ কাৰণে কৰি অহা বিকাশৰ প্ৰয়াসৰ ক্ষেত্ৰত ইতিবাচক সঁহাৰি লাভ কৰিছো ৷ আমি অনতিপলমে এই মহামাৰীক জয় কৰিব পাৰিম ৷”

ইফালে দেশৰ ১৪ খন চিকিৎসালয়ত হৈছিল কৰ’নাৰ ভেকচিন Covaxin ৰ সফল পৰীক্ষণ ৷ ইয়াৰ ভিতৰত আছে দিল্লী এইমছ, পাটনা এইমছ, বিশাখাপট্টনমৰ কিং জৰ্জ হস্পিতাল, পিজী আই ৰোহতক আদি ৷ ভেকচিনৰ প্ৰথম পৰীক্ষা হৈছিল পাটনাৰ এইমছত ৷ ৩০ বছৰীয়া এজন যুৱকক আধা এমএল ভেকচিন দি একাষৰীয়াকৈ ৰখা হৈছিল । ইয়াৰ পিছত সাত দিনৰ পিছত যুৱকজনৰ স্বাস্থ্য পৰীক্ষা কৰা হয় ৷ আকৌ ১৪ দিনৰ পিচত যুৱকজনৰ শৰীৰত দ্বিতীয়বাৰৰ কাৰণে ভেকচিন দিয়া হ’ব ৷

উল্লেখযোগ্য যে দেশৰ সৰ্বত্ৰে সংহাৰী ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ ভেকচিন অনতিপলমে ওলাব বুলি সকলো আশাবাদী ৷ আনহাতে দেশৰ সাতটা ফাৰ্ম কোম্পানীয়ে ভেকচিনৰ ক্ষেত্ৰত কাম কৰি আছে ৷ ইয়াৰ ভিতৰত ড্ৰাগ কন্ট্ৰ’লাৰে ভাৰত বায়’টেকক কৰ’না ভেকচিন পৰীক্ষা কৰিবলৈ অনুমোদন লাভ কৰিছে ৷

Exit mobile version