ভাৰতৰ শামুকীয়া তদন্তৰ কাৰণে দেশবাসীয়ে মূল্য দিব লাগিবঃ ৰাহুল গান্ধী

download 1

সময় সুবিধা পালেই কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে সমালোচনা কৰিবলৈ নাপাহৰে চৰকাৰক । ভাৰত চীন সীমান্তক লৈ পুনৰ চৰকাৰক কটাক্ষ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । ৰাহুল গান্ধীয়ে শনিবাৰে টুইটাৰ যোগে প্ৰকাশ কৰে যে ভাৰত চৰকাৰৰ শামুকীয়া তদন্তৰ কাৰণে এদিন দেশে মূল্য দিব লাগিব ৷ সীমান্ত বিবাদক লৈ প্ৰথমতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ ওচৰত শিৰনত কৰিছে বুলি মন্তব্য কৰে ৰাহুল গান্ধীয়ে ৷ লগতে ৰাহুল গান্ধীয়ে কয় যে চীনে আমাৰ পৰা ভূমি লৈ লৈছে ৷ ভাৰত চৰকাৰৰ সাম্প্ৰতিক ব্যৱহাৰত চীনৰ মনোবল বৃদ্ধি পাইছে ৷

ইফালে শুক্ৰবাৰে লাডাখত উপস্থিত হোৱা প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ এটি ভিডিঅ’ শ্বেয়াৰ কৰিছে ৰাহুল গান্ধীয়ে ৷ ভিডিঅ’টি শ্বেয়াৰ কৰি চৰকাৰক সমালোচনা কৰিছে ৰাহুল গান্ধীয়ে ৷ আনহাতে শুক্ৰবাৰে ৰাহুল গান্ধীয়ে চৰকাৰক উদ্দেশ্য কৰি কৈছিল যে ২০১৪ ৰ পৰা প্ৰধানমন্ত্ৰীয়ে বহুত বেছি ভূল কৰি আহিছে ৷ ইয়াৰ পৰা দেশবাসীৰ ক্ৰমাৎ অসুবিধা বাঢ়ি গৈ আছে ৷ লগতে চৰকাৰক ৰাহুল গান্ধীয়ে প্ৰশ্ন কৰে যে ভাৰতৰ স্থিতি কি যে ? চীনে আক্ৰমণাত্মক হৈ উঠিবলৈ সাহস পালে ৷ এই সময়ত ভাৰতৰ এনেকুৱা কি বিশেষত্ব আছে যে চীনে ভাৰতক আক্ৰমণ কৰিবলৈ সাহস পালে?

Exit mobile version