ক’ভিড পৰিস্থিতি উন্নত নোহোৱা পৰ্যন্ত নহয় নতুন নিযুক্তি : হিমন্ত বিশ্ব শৰ্মা

Himanta Biswa Sarma

ক’ভিড-১৯ য়ে আনি দিয়া অচলাৱস্থা দূৰ নোহোৱা পৰ্যন্ত ৰাজ্যত কোনো নতুন নিযুক্তি নহয় । যোৰহাটত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত এক কথা সদৰী কৰে ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । উজনি অসম ভ্ৰমণৰ বাবে আহি আজি যোৰহাটত উপস্থিত হোৱা মন্ত্ৰী ডঃ শৰ্মাই কয় নতুনকৈ কোনো সাক্ষাৎকাৰ লৈ প্ৰাৰ্থী বাছনি কৰা অসম্ভৱ । তেনে কৰিলে সামাজিক দূৰত্ব বিঘ্নিত হব। গতিকে ক’ভিড-উদ্ভৱ পৰিবেশ স্বাভাৱিক নোহোৱা পৰ্যন্ত নতুনকৈ কোনো নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ নকৰে ৰাজ্য চৰকাৰে ।

ADVERTISEMENT

অৱশ্যে যি বোৰ পদৰ বাবে সাক্ষাৎকাৰ হৈ গৈছে তেনে পদৰ নিযুক্তিৰ ক্ষেত্ৰত সমস্যা নাই বুলি উল্লেখ কৰি প্ৰাথমিক বিদ্যালয়ত খালী থকা এঘাৰ হেজাৰ পদত অহা আগষ্টৰ ভিতৰত নিযুক্তি দিয়া হ’ব বুলি কয় মন্ত্ৰী ড° শৰ্মাই  ৷ আন এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ডঃ শৰ্মাই কয়, ক’ভিড পৰিস্থিতিৰ সমান্তৰালকৈ অহা এক আগষ্টৰ পৰা গড়কাপ্তানীকে ধৰি আন আন বিভাগসমূহৰ উন্নয়নমূলক কামসমূহ গ্ৰহণ কৰিবলৈও চৰকাৰে সিদ্ধান্ত লৈছে।

Exit mobile version