খাৰিজা বিজনীত ভগ্ন মথাউৰি নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ

IMG 20200719 174008

নেৰানেপেৰা বৰষুণৰ মাজতে আজি বাক্সাৰ শালবাৰীৰ খাৰিজা বিজনীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাস আৰু কেশৱ মহন্ত মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে৷ শালবাৰীৰ খাৰিজা বিজনীৰ ওদালগুৰী-লাবদাংগুৰী সংযোগী এটা ভগ্ন মথাউৰিক লৈ শংকিত ৰাইজে সাব্যস্ত কৰে আজিৰ এই প্ৰতিবাদ ৷ যিকোনো মুহূৰ্ততে মথাউৰিটো ভাঙি যোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

ADVERTISEMENT

ইতিমধ্যে মথাউৰিটোৰ প্ৰায় ২০০ মিটাৰ বেঁকী নৈয়ে খহাই লৈ যোৱাত তীব্ৰ ভাবুকি নামি আহিছে বৃহত্তৰ খাৰিজা বিজনী অঞ্চললৈ ৷ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই মথাউৰিটো নিৰ্মাণৰ ক্ষেত্ৰত যদি অচিৰেই যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অঞ্চলটোৰ ওডালগুৰি, বাৰাপেটা, টিলাবড়ি, উন্নীকুৰি, হাতীদল, আমগুৰি, গড়চক, মৰমীচককে ধৰি বহুকেইখন গাঁও যে বেঁকীৰ বুকুত জাহ নাযাব তাৰ কোনো নিশ্চয়তা নাই বুলি ৰাইজে মত পোষণ কৰে ৷

বেঁকীৰ গৰাখহনীয়া প্ৰতিৰোধক লৈ চৰকাৰৰ এৰাই চলা মনোভাৱৰ বাবে আজি মথাউৰিটো তৎকালে মেৰামতি কৰাৰ দাবীত বৰষুণত তিতিবুৰি হ’লেও অঞ্চলটোৰ স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ভগ্ন মথাউৰিটোৰ ওপৰত থিয় হৈ গড়কাপ্তানি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত মুৰ্দাবাদ, স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাস মুৰ্দাবাদ, বেঁকীৰ গৰাখহনীয়া ৰোধ কৰক আদি বিভিন্ন ধ্বনি দিয়ে ক্ষোভিত ৰাইজে ৷ শীঘ্ৰেই জহিখহি যোৱা মথাউৰিটো মেৰামতি কৰাৰ বাবে অঞ্চলটোৰ ৰাইজে দাবী জনোৱাৰ লগতে অসমৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক আমন্ত্ৰণ জনাই বেঁকীৰ গৰাখহনীয়া নিজ চকুৰে প্ৰত্যক্ষ কৰি বিহিত ব্যৱস্থা ল’বলৈ আহ্বান জনায়৷

Exit mobile version