চলিত বৰ্ষৰ পাঁচ আগষ্টত হ’ব ৰামমন্দিৰৰ ভূমি পূজন

04a593e6cf86995ffcc701aeab1deb03

চলিত বৰ্ষৰ পাঁচ আগষ্টত হ’ব ৰাম মন্দিৰৰ ভূমি পূজন ৷ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশ লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে  ৷ এই সন্দৰ্ভত ৰাম মন্দিৰৰ ট্ৰাষ্টে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে । আনহাতে, ৰাম মন্দিৰক লৈ উচ্চতম ন্যায়ালয়ৰ ৰায়দান সাত মাহ উকলি গ’ল । ইয়াৰ মাজতে কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ দিয়া তলাবন্ধই দেশৰ সকলো ক্ষেত্ৰতে ব্যাঘাত জন্মাইছে  ৷ কাৰণ কৰ’না ভাইৰাছৰ কাৰণে দেশত এতিয়া উদ্বেগজনক পৰিস্থিতিয়ে দেখা দিছে ৷

অৱশ্যে ইয়াৰ মাজতেই কেন্দ্ৰীয় চৰকাৰে ৰাম মন্দিৰৰ নিৰ্মাণৰ দিশে আগবাঢ়িছে ৷সকলো স্বাস্থ্যসন্মত বিধি আগত ৰাখি,কেন্দ্ৰীয় চৰকাৰে ভূমি পূজনৰ আয়োজন কৰিছে । ৫ আগষ্টৰ পূৰ্ণিমাৰ তিথিতে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ৰাম মন্দিৰৰ ভূমি পূজা হ’ব । ভূমি পূজনত ৰামজন্মভূমিৰ অন্যতম ট্ৰাষ্টৰ সদস্য অমিত শ্বাহ, ৰাজনাথ সিং, যোগী আদিত্যনাথ উপস্থিত থকাৰ কথা আছে ৷

Exit mobile version