ভাৰত চীনৰ উত্তেজনাৰ মাজতে লাডাখত বায়ুসেনাৰ শীৰ্ষ বিষয়াসকলৰ বৈঠক

Flag china India

ভাৰত চীনৰ মাজত হোৱা উত্তেজনাৰ মাজতে এই সপ্তাহতে বায়ুসেনাৰ শীৰ্ষ বিষয়াসকলৰ লগত এখন বৈঠক অনুষ্ঠিত হ’ব ৷ এই বৈঠকত এলএচিৰ পূব লাডাখৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰিব বায়ুসেনাৰ শীৰ্ষ বিষয়াসকলে ৷ লগতে ৰাফেল ফাইটাৰ জেটৰ কাৰণে অনতিপলমে নিৰ্মাণ কৰিব লগা ষ্টেচনৰ সন্দৰ্ভতো এই বৈঠকত আলোচনা কৰাৰ সম্ভাৱনা আছে ৷ কামাণ্ডাৰসকলৰ এই বৈঠক ২২ জুলাইৰ পৰা আৰম্ভ হ’ব ৷

আনহাতে বায়ুসেনাৰ এগৰাকী শীৰ্ষ অধিকাৰীৰ মতে লাডাখৰ ভাৰত চীনৰ সীমান্ত সুৰক্ষাৰ সন্দৰ্ভতো বহু আলোচনা কৰিব এই শীৰ্ষ বৈঠকখনত । এক বিশেষ সূত্ৰৰ মতে এয়াৰ চীফ মাৰ্শ্বেল আৰ কে এছ ভাদোৰিয়াৰ অধ্যক্ষতাত হোৱা বৈঠকখনত সাতজন কামাণ্ডাৰ ইন চীফে অংশ ল’ব ৷ ইফালে ফান্সৰ পৰা চলিত মাহৰ শেষৰফালে ফাইটাৰ জেট লাভ কৰিব ভাৰতে ৷ এই সন্দৰ্ভত এজন বিষয়াৰ মত যে ৰাফেল জেটৰ প্ৰযুক্তি বহু উন্নত  ৷ ইয়াৰ দ্বাৰা বায়ুসেনাৰ শক্তি বৃদ্ধি পাব আৰু ভাৰতৰ ফাইটাৰ জেটৰ প্ৰয়োজনীয়তাও হ্ৰাস পাব।

Exit mobile version