- সোমবাৰৰ পৰা মহানগৰীত ব্যৱসায়ীসকলৰ মাজত কৰা হ’ব ৰেণ্ডম পৰীক্ষা ৷ প্ৰশাসনৰ লোকে প্ৰতিখন দোকানত গৈ পৰীক্ষা কৰিব কৰ’নাৰ ৷ আনহাতে স্বাবৰ ফলাফল লগে লগে লাভ কৰিব ব্যৱসায়ীসকলে ৷
- ৰাজ্যত পুনৰ কৰ’নাত আক্ৰান্ত চাৰিজন লোকে প্ৰাণ হেৰুৱালে ৷ এই কথা প্ৰকাশ কৰে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ লগে লগে কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৭ জনলৈ বৃদ্ধি পালে ৷
- কামৰূপ মহানগৰ জিলা প্ৰশাসনে ধাৰ্য কৰা নিয়ম অনুসৰি সোমবাৰে প্ৰথম পৰ্যায়ৰ আনলকৰ সময়ত পল্টন বজাৰৰ পৰা আহোতে পথৰ সোঁহাতে থকা দোকান সমূহ খুলিব পাৰিব ৷ ঠিক তেনেদৰে জালুকবাৰীৰ পৰা নুনমাটি অভিমুখে অহা পথছোৱাত সোমবাৰে সোঁহাতে তাৰ পিছদিনা পথৰ আনটো ফাল অৰ্থাৎ বাওফালে দোকানসমূহ খুলিব পাৰিব ৷
- জনপ্ৰিয়তা বৃদ্ধি পাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ শেহতীয়াকৈ মোদীৰ টুইটাৰত ফলৱাৰ্চ বৃদ্ধি পায় ৬ কোটি ৷ আনহাতে বিশ্বৰ সৰ্বাধিক ফলৱাৰ্চ থকা নেতা হিচাপে মোদীয়ে ফ’ল কৰে ২৩৫৪ জন লোকক ৷