মৰিগাঁৱত চিকিৎসক-আৰক্ষীসহ পুনৰ ১৫ জন কৰ’নাত আক্ৰান্ত

coronavirus4m utz5jt

মৰিগাঁৱত পুনৰ চিকিৎসক, আৰক্ষী, ঠিকাদাৰসহ মুঠ ১৫ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে । ইয়াকে লৈ জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা ৩৩৯ জনলৈ বৃদ্ধি পাই । আক্ৰান্ত সকলৰ ভিতৰত ২২১ জন লোক আৰোগ্য লাভ কৰাত বৰ্তমানে চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা হৈছে ১১৮ জন । বিশেষকৈ জিলাখনত চিকিৎসক আৰু আৰক্ষী লোক কৰ’নাত আক্ৰান্ত হোৱা খবৰে সৰ্বাধাৰণ মানুহক চিন্তিত কৰি তুলিছে।

জিলাখনত আজি নতুনকৈ আক্ৰান্ত হোৱা লোক সকলৰ ভিতৰত মৰিগাঁও আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ পাঁচ জন, ভূৰাগাঁও পৰিপূৰক চিকিৎসালয়ৰ এজন চিকিৎসক, কাহিকুছিস্থিত চি আৰ পি এফৰ এজন জোৱান, কাহিকুছিৰ ৰেলৱে এজন ঠিকাদাৰ, জাগীৰোডৰ দুজন, জাগীৰোড বেঙেনাবস্তীৰ তিনিজন, নেলীৰ এজন আৰু বৰঘাটৰ এজন লোক ।

Exit mobile version