আমেৰিকাৰ হাইপ্ৰফাইল ব্যক্তিৰ টুইটাৰ হেকঃ ৰহস্য ফাদিল

gettyimages 504662110

Faceless Computer Hacker

আমেৰিকাত বহু হাইপ্ৰফাইল ব্যক্তিৰ টুইটাৰ হেক কৰিছিল ৪ জন যুৱকে ৷ এই দাবী কৰিছে আমেৰিকাৰে অন্য এগৰাকী হেকাৰে ৷ দ্য নিউয়ৰ্ক টাইমছ কিৰ্ক নামৰ হেকাৰ গৰাকীয়ে এই ঘটনা কেনেকৈ কৰা হৈছে সেই সন্দৰ্ভতো প্ৰকাশ কৰিছে ৷ উল্লেখযোগ্য যে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা, মাইক্ৰচফ্টৰ সহ প্ৰতিষ্ঠাপক বিল গেটছ, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতন্যাহুৰ লগতে বহু বিখ্যাত ব্যক্তিৰ টুইটাৰ একাউণ্ট হেক কৰিছিল এক দুষ্ট চক্ৰই ।

আনহাতে হেকাৰৰ চক্ৰটোৱে আইফোন কম্পেনী এপ’ল আৰু কেব চাৰ্ভিছ উবেৰকো লক্ষ্য কৰি লৈছিল ৷ একাউণ্ট হেক কৰি চক্ৰটোৱে বহু প’ষ্ট  আপলোড কৰাৰ কথা সদৰি কৰে টুইটাৰ কৰ্তৃপক্ষই ৷ আনহাতে এতিয়ালৈকে দুষ্ট চক্ৰটোৱে কিমান তথ্য চুৰ কৰিলে সেয়া জানিব পৰা হোৱা নাই । আশংকা কৰা হৈছে হেকাৰে চুৰ কৰা তথ্যৰে লোকসকলক ব্লেকমেইল কৰিবও পাৰে ৷ লগতে চলিত বৰ্ষত আমেৰিকাত হ’ব লগা ৰাষ্ট্ৰপতি নিৰ্বাচনতো ইয়াৰ প্ৰভাৱ পৰিব বুলি আশংকা কৰা হৈছে।

Exit mobile version